বটদ্ৰৱা(Batadrava) সমষ্টিত সংঘটিত ২ কোটি ৩০ লাখ টকাৰ MSDP আচঁনিৰ দুৰ্নীতিৰ সন্দৰ্ভত কংগ্রেছৰ সংবাদমেল। বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ স্বামী আকাশ দ্বীপ ডেকাই MSDP আচনিৰ ২ কোটি ৩০ লাখ টকা আত্মসাৎ কৰাক লৈ ন ন তথ্য পোহৰলৈ আহিছে।
আকাশদ্বীপ ডেকাই নিজ মুখেৰে স্বীকাৰ কৰিলে MSDP আচঁনিৰ ধন তেওৰ পকেটত থকা বুলি। লগতে কোনোবাই যদি কাম কৰে তেন্তে এই আচঁনিৰ ধন আকাশদ্বীপৰ পৰা লব পাৰিব বুলিও চাঞ্চল্যকৰ স্বীকাৰোক্তি দিয়ে। আজি আকাশদ্বীপৰ বিৰুদ্ধে সম্পূৰ্ণ তথ্যসহ বটদ্ৰৱা কংগ্ৰেছ দলৰ নেতৃবৃন্দই আনে গুৰুতৰ অভিযোগ।
বটদ্ৰৱাৰ অধিকাংশ বিদ্যালয়ৰ এই আচঁনিৰ সদস্য সচিব আছিল আকাশদ্বীপ ডেকাৰ লগতে আন একাংশ বিদ্যালয়ৰ সদস্য সচিব আছিল প্ৰাক্তন বিধায়িকা আঙুৰলতা আৰু আকাশদ্বীপৰ লগতে দুই চাৰি নেতা-পালিনেতা।
উল্লেখ্য, বটদ্ৰৱাৰ ৩২খনকৈ বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা আৰু শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে আৱণ্টন হৈছিল এই বৃহৎ পৰিমাণৰ পুঁজি । কিন্তু ২০১৬ চনৰ পৰা বছৰ বছৰ পাৰ হোৱাৰ পিছতো সম্পূৰ্ণ নহ’ল বিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠা, শৌচাগাৰ নিৰ্মাণৰ কাম।
বিভাগীয় নীতি-নিৰ্দেশনা অমান্য কৰি অতি ৰহস্যজনকভাৱে MSDPৰ দুই কোটি ত্ৰিশ লাখ টকা গুৱাহাটীৰ আই চি আই চি আই বেংকৰ জটিয়া শাখাৰ জৰিয়তে আত্মসাতৰ অভিযোগ বটদ্ৰৱা কংগ্ৰেছৰ।
MSDP আঁচনিৰ ধন স্থানীয় বেংকত একাউণ্ট নুখুলি তাৰ পৰিৱৰ্তে গুৱাহাটীস্থিত ICICI বেংকত লেনদেন কৰাটো ৰহস্যৰ বিষয় বুলি সংবাদমাধ্যমত প্ৰকাশ কৰে বটদ্ৰৱা কংগ্ৰেছে।
আনহাতে চৰকাৰীভাৱে আবণ্টিত সৌৰশক্তি চালিত বিজুলী বাতিৰ আঁচনিৰ নামতো সংঘটিত তিনি কোটি টকাৰ ব্যাপক দুৰ্নীতিত নাম সাঙোৰ খাই পৰিছে প্ৰাক্তন বিধায়িকা স্বামী আকাশদ্বীপসহ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ।
এই বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাক উচিত তদন্ত কৰি সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান বটদ্ৰৱা কংগ্ৰেছৰ ।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post