পুনৰ ৰাজ্যত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ (Suicide Case) ঘটনা। ঘৰৰ চৌহদত থকা পুখুৰীত নিজৰ ২ কণমানি সন্তানক লগত লৈ জাঁপ দিলে এগৰাকী মাতৃয়ে (Mother Son And Daughter Commits Suicide)। এই কৰুণ ঘটনাটো (Tragic Incident) সংঘটিত হৈছে নগাঁও (Nagaon) জিলাৰ ৰহাৰ (Raha) মধ্য টুপাকোচিত। মৃত পত্নী নিৰু বৰদলৈৰ স্বামীৰ নাম পণ্ডিত বৰদলৈ। পণ্ডিত বৰদলৈ দিন হাজিৰা কৰা স্থানীয় শ্ৰমিক।
নিজৰ ৮ বছৰীয়া পুত্ৰ আৰু এগৰাকী ডেৰ বছৰীয়া কন্যা সন্তানক লৈ পুখুৰীত জাঁপ দি চৰম পথ বাছি লয় নিৰু বৰদলৈ নামৰ মহিলাগৰাকীয়ে।
পাৰিবাৰীক কন্দলৰ বাবে এই আত্মহত্যাৰ ঘটনা (Suicide Case) সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে। ইপিনে স্থানীয় লোকে জনোৱা অনুসৰি পত্নীয়ে কোনো লোকৰ সৈতে কথা পাতি থকাৰ বাবে স্বামীয়ে কাজিয়া কৰিছিল। তাৰ পিছতে ঘৰৰ পৰা ওলাই গৈছিল পত্নী। পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছত পুখুৰীৰ পৰা উদ্ধাৰ মাতৃসহ দুই সন্তানৰ মৃতদেহ। ঘটনাটোৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ।
Photo & Input: Khatang Khobor
Published By: Dulu Medhi
Discussion about this post