ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ কালবলাৰ গোবিন্দপুৰত সংঘটিত হৈছে এই ঘটনা। শনিবাৰে নিশা আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত হোৱা গুলীয়াগুলীত দুটা দুৰ্ধৰ্ষ ডকাইত নিহত। কোনো দুস্কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে ৫ জনীয়া এটা ডকাইতৰ দলে ছুইফট বাহনেৰে অঞ্চলটোত প্ৰৱেশ কৰিছিল।
এই কথা জানিব পোৱা মাত্ৰকেই আৰক্ষীয়ে অঞ্চলটোত উপস্থিত হোৱাত ডকাইতৰ দলটোৱে আৰক্ষীলৈ গুলী চলায়। লগে লগে আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত ডকাইতৰ দলটোৰ তিনিটা ডকাইত গুলীবিদ্ধ হয়। গুলীবিদ্ধ অৱস্থাত আৰক্ষীয়ে আটক কৰে এটা ডকাইতক। নিহত ডকাইত দুটাৰ নাম ৰফাজুদ্দিন (Rafajuddin) আৰু বছিত আলী (Basit Ali)।
SI সুমিত তালুকদাৰ আৰু DySP অনুৰাগ শৰ্মাৰ নেতৃত্বত চলিছিল এই অভিযান। গোৱালপাৰা আৰক্ষীৰ এই সফলতাত জি পি সিঙেও শুভেচ্ছা জ্ঞাপন কৰে।
Well done Team @Goalpara_Police https://t.co/ZANOFatiYq
— GP Singh (@gpsinghips) August 29, 2021
In a truly #FilmyStyle, #ArmedDacoitGang fleeing away in Swift car was chased away frm Krishnai-Dudhnoi-Mornoi &caught in #Goalpara.Kudos 2 well coordinated team effort esp smart SI Sumit Talukdar & Brave DySP Anurag Sarmah 4 finishing task.2 dacoits died,1 injured.@assampolice pic.twitter.com/VKyLydEBMI
— Goalpara Police (@Goalpara_Police) August 29, 2021
2 of the dacoits (Rafajuddin & Basit Ali) died in the shootout while one Rashidul Islam has been injured. We are on the look out for fourth accomplice.
All of them have prior cases of dacoity against them. One gun and the car they were travelling in has been recovered.— DGP Assam (@DGPAssamPolice) August 29, 2021
Photo: Twitter
Discussion about this post