বিশ্বনাথ চাৰিআলিৰ (Biswanath Charali) ষ্টেডিয়ামৰ ওচৰত পুৱতি নিশা এনকাউণ্টাৰ (Encounter) ৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত (Injured) দুৰ্ধৰ্ষ ডকাইত (Dacoit) তথা বহু অসামাজিক চক্ৰৰে জড়িত জাহিৰ আলী ওৰফে ভুট্টু ৷
পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত হৈছে এই ঘটনা ৷ শুকুৰবাৰে নিশা বিশ্বনাথৰ আৰক্ষীয়ে (Biswanath Police) জালনোট আৰু নকল সোণৰ বিৰুদ্ধে কেইবা ঠাইটো অভিযান চলাই পৃথক পৃথক স্থানৰ পৰা টকা বনোৱা দুটা মেচিন, জালনোট, সোণৰ নকল মূৰ্তিৰ লগতে কেইবাজনো লোকক গ্ৰেপ্তাৰ (Arrest) কৰিছিল ৷
ইয়াৰে অন্যতম আছিল জাহিৰ আলী ওৰফে ভুট্টু ৷ আৰক্ষীক কেইবাটাও নকল টকা থকা স্থান দেখুৱাবলৈ লৈ যোৱাৰ সময়ত পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা (Firing) কৰে আৰু ভৰিত গুলী লাগে ৷ সংকটজনক অৱস্থাত ভুট্টুক তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৷
Photo & Input: পলাশ প্ৰিয়ম
আৰু পঢ়কঃ https://khatangkhobor.com/news/liquor-price-hike-from-today-in-assam/5198/
Discussion about this post