দৰঙত (Darrang) ড্ৰাগছ ব্যৱসায়ীক (Drugs Pedler Encounter) এনকাউণ্টাৰ। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হয় (Injured) ড্ৰাগছ ব্যৱসায়ী কুদ্দুছ আলী। ধুলা থানাৰ আৰক্ষীয়ে হিৰাপাৰাৰ পৰা শুকুৰবাৰে কুদ্দুছ আলীক আটক কৰাৰ পিছত নিশা ধুলা থানাৰ অন্তর্গত ঘাটপাৰত ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ যোৱাৰ সময়তে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলিয়াই (Police Firing) আহত কৰে কুদ্দুছক ৷
ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয় কুদ্দুছ। মঙলদৈ অসামৰিক চিকিৎসালয়ত আহত ড্ৰাগছ মাফিয়া টোক ভৰ্তি কৰোৱাই চিকিৎসালয়ৰ পৰা আৰক্ষীয়ে পুনৰ জিম্মাত লয় ৷ ড্ৰাগছ মাফিয়া কুদ্দুছ আলীৰ পৰা নগদ ৫০০০/- টকা, ছয় গ্ৰাম ড্ৰাগছৰ চাৰিটা কণ্টেনাৰ জব্দ কৰে ৷ বৰ্তমানলৈ আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত কোনো তথ্য সদৰি কৰা নাই।
Photo & Input: Bhabesh Kalita
Discussion about this post