লাহৰীঘাটত (Laharighat) পুনৰ এনকাউন্টাৰ (Encounter)। তিনি শিশু ধৰ্ষণকাৰী ৰজনী দৈমাৰীক নিশা এনকাউণ্টাৰ। চাৰি দিনত তিনিজনিকৈ কণমানিক ধৰ্ষণ কৰিছিল লাহৰীঘাটৰ ৰাজনীকান্ত দৈমাৰী নামৰ ৫৫ বছৰীয়া লম্পটে। কণমানি কিশোৰী কেইগৰাকীৰ পৰিয়ালে লাহৰীঘাট আৰক্ষী থানাত (Laharighat Police) এজাহাৰ দাখিল কৰাত লাহৰীঘাট আৰক্ষীয়ে বুধবাৰে আটক কৰিছিল পলাতক অৱস্থাত থকা ধৃত লম্পতটোক।
নিশা মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীয়ে লম্পটোক ঘটনাৰ পুনৰ বিৱৰণৰ বাবে আনি এনকাউণ্টাৰ কৰে জেঙৰবৰী গাঁৱত। উল্লেখ্য ৫৫ বছৰীয়া ৰজনী দৈমাৰী নামৰ লম্পটোৱে ৬,৭ আৰু ৯ বছৰীয়া তিনিটা শিশুক ধৰ্ষণ (Rape) কৰিছিল।
লাহৰীঘাটৰ তিনি শিশু ধৰ্ষণকাৰী ৰজনী দৈমাৰীৰ এনকাউণ্টাৰ (Encounter) সন্দৰ্ভত মৰিগাঁও আৰক্ষী (Morigaon Police) অধীক্ষক অৰ্পণা নটৰাজনৰ সংবাদমেল।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post