পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ (Assam Police Encounter) । বিশ্বনাথত (Biswanath) ধৰ্ষণকাৰীলৈ আৰক্ষীয়ে চলাই গুলী (Police Firing) ৷ নিশা বিশ্বনাথৰ জিনজিয়াত সংঘটিত হৈছিল এই ঘটনা ৷ এগৰাকী কণমানিক বলাৎকাৰ (Rape) কৰিছিল মোনাবাৰীৰ কাঠনীবাৰীঘাটৰ মোহিম শৰ্মা নামৰ এজনৰ ৫৬ বছৰীয়া লোকে ৷
চুলি খূৰাই, মুখত চূণ সানি, চেণ্ডেলৰ মালা পিন্ধাই গাঁওবাসীয়ে শাস্তি দিছিল শিশু ধৰ্ষণকাৰী মোহিম শৰ্মাক। তাৰ পিছত আৰক্ষীক চমজাই দিছিল লোকজনক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী কৰে অভিযুক্ত শৰ্মাক।
বিশ্বনাথ জিলাৰ (Biswanath District) বিহালীৰ (Bihali) কাঠনিবাৰীত এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল লোকজনক। মোনাবাৰীৰ কাঠনীবাৰীৰ মোহিম শৰ্মা নামৰ ৫৮ বছৰীয়া লোকজনে খেলি থকা অৱস্থাত এগৰাকী ৭ বছৰীয়া কণমানিক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কণমানি গৰাকীৰ পৰিয়ালৰ ৷
যাৰ পাছতে উত্তেজিত জনতাই লোকজনক উত্তম-মধ্যম শোধাই চূণ তেল সানি চেন্দেলৰ মালা পিন্ধাই গাঁৱে গাঁৱে সমদল কৰি ঘূৰোৱাইছিল আৰু পাছত জিনজিয়া আৰক্ষীক গতাই দিছিল। কিন্তু নিশাই লোকজনে আৰক্ষীয়ে জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে গুলী কৰে। বৰ্তমান গুলীবিদ্ধ লোকজন তেজপুৰ মেডিকেল হাস্পতালত চিকিৎসাধীন হৈ আছে।
Photo & Input: পলাশ প্ৰিয়ম
আৰু পঢ়কঃ https://khatangkhobor.com/news/dibrugarh-girl-committed-suicide-at-dibrugarh-in-assam/7986/
Discussion about this post