সোমবাৰে যোৰহাটত (Jorhat) এক ভয়ংকৰ মাৰপিটৰ (Clash) ঘটনা সংঘটিত হৈছিল। এই ঘটনাটোত ৫জনতকৈও অধিক লোকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ হেৰুৱাইছিল ছাত্ৰ সন্থা গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থা শিক্ষা সম্পাদক (AASU Leader) অনিমেশ ভূঞাই (Animesh Bhuyan)। লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ ফলতে গুৰুতৰভাৱে আহত (Injured) হৈছিল আন ২জন যুৱকো। আন আহত যুৱকৰৰ ভিতৰত এগৰাকী মৃদুস্মন্ত বৰুৱা, যি ছাত্ৰ সন্থাৰ সৈতে জড়িত হৈ থকাৰ লগতে সাংবাদিক হিচাপেও কৰ্মৰত।
সামান্য এটা দুৰ্ঘটনাৰ ফলতে সংঘটিত হৈছিল এই মাৰপিটৰ (Clash) ঘটনা। যোৰহাটলৈ (Jorhat) বজাৰ কৰিবলৈ অহা তিনিওজন যুৱকে সহায় কৰিবলৈ যোৱাৰ পিছতো দোষী সজাই পুত্ৰৰ হতুৱাই মৰিয়াই মৰিয়াই মাৰি পেলালে অনিমেশক।
যি গৰাকী লোকক সহায় কৰিবলৈ গৈ ওলোটাই দোষী বুলি সাব্যস্ত হৈছিল সেই লোকগৰাকীয়েই হৈছে মোহন দাস। সেই অভিযুক্ত মোহন দাসৰেই পুত্ৰ নীৰজ দাসৰ নেতৃত্বত সংঘটিত হৈছিল যোৰহাট (Jorhat) তথা ৰাজ্য কঁপাই যোৱা সেই গণহত্যা।
পুত্ৰ নিৰজ দাস ওৰফে ক’লা গুণ্ডা ড্ৰাগছ সৰবৰাহৰ লগতো জড়িত। অনিমেশক টানি টানি চোঁচৰাই নিয়া ‘ক’লা লৰা’ নামে কুখ্যাত নীৰজ দাস। যাৰ নেতৃত্বতেই সংঘটিত হৈছিল যোৰহাটৰ সেই বৰ্ব্বৰ কাণ্ড। যি পূৰ্বেও একাধিকবাৰ জেললৈ গৈছিল বিভিন্ন কাৰণত।
সেই নীৰজৰেই জ্যেষ্ঠ ভাতৃ তথা মোহন দাসৰ জ্যেষ্ঠ পুত্ৰ মাছৰ ব্যৱসায়ী। যিয়ে বাৰে বাৰে জেললৈ যোৱা অপৰাধী ভাতৃ যোৰহাটৰ জনাজাত ক’লা গুণ্ডাক জেলৰ পৰা ৰেহাই কৰি আনে। যাৰ পৰিণতিত যেন দিনে দিনে আৰু অধিক অত্যাচাৰী হৈ উঠিছিল ক’লা গুণ্ডা।
আনাহতে আজি পুৱাই অনিমেশৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰনোজ পেগু (Ranoj Pegu)। তেখেতে এই হত্যাকাণ্ডৰ বিচাৰ ফাষ্টট্ৰেক আদালতত চলিব বুলি অনিমেশৰ পৰিালৰ আগত আশ্বাস প্ৰদান কৰে।
এই হত্যাকাণ্ডত জড়িত থকা লোকক গ্ৰেপ্তাৰ কৰা সংখ্যা বৃদ্ধি পালে ১৩ গৰাকীলৈ। গণহত্যাত জড়িত থকাৰ অপৰাধত যোৰহাট আৰক্ষীয়ে (Jorhat Police) বৰ্তমানলৈ ১৩ গৰাকী লোকক আটক কৰিবলৈ সক্ষম হৈছে।
Photo: Khatang Khobor
Discussion about this post