শিক্ষকৰ ধৰে পবিত্ৰ পেছাক নিজ কু-কৰ্মেৰে অপবিত্ৰ কৰিলে শিলচৰৰ এজন সংগীত শিক্ষকে(Music Teacher) ৷ ৯ বছৰীয়া এগৰাকী ছাত্ৰীৰ লগত শ্লীলতাহানি(Sexual Harassment) কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল ৬৩ বছৰীয়া শ্যামসুন্দৰ দেৱ নামৰ এইজন সংগীত শিক্ষক ৷
এই জঘন্য ঘটনাটো সংঘটিত হৈছে শিলচৰ ৰংপুৰৰ আংগাৰজুৰ অঞ্চলত ৷ ভুক্তভোগী ছাত্ৰীৰ অভিভাৱকে ৰুজু কৰা এজেহাৰ অনুসৰি, তেওঁলোকৰ ৯ বছৰীয়া কন্যাই দীৰ্ঘ দিনৰ পৰা এলেকাৰে শ্যামসুন্দৰ দেৱ নামৰ এজন সংগীত শিক্ষকৰ তাত সংগীত ক্লাছ কৰি আহিছে ৷
কিন্তু হঠাৎ সোমবাৰে তেওঁলোকৰ কন্যাই সংগীত ক্লাছত যাবলৈ আপত্তি জনাই ৷ পিছত পিতৃ-মাতৃয়ে কন্যাৰ পৰা ঘটনা কি জানিবলৈ চেষ্টা কৰিলে ৷ কন্যাই কয় যে, তাই আৰু সংগীত ক্লাছলৈ নাযায় ৷ কাৰণ ক্লাছত যোৱাৰ পিছত সংগীত শিক্ষকে তেওঁৰ লগত কুকৰ্ম কৰাৰ চেষ্টা চলাইছিল ৷
এই ঘটনা জানিবলৈ পোৱাৰ পিছত ভুক্তভোগী শিশু কন্যাৰ পিতৃ-মাতৃয়ে শিক্ষক শ্যামসুন্দৰ দেবৰ ঘৰত গৈ লম্পট শিক্ষকক আটক কৰি খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষী গৈ লম্পট শিক্ষক শ্যামসুন্দৰ দেৱক আটক কৰি থানালৈ লৈ আহে ৷ ইফালে এই সমগ্ৰ ঘটনাক লৈ শিশু কন্যাৰ মাতৃয়ে ৰংপুৰ আৰক্ষী পেট্র’ল পোষ্টত শিক্ষক শ্যামসুন্দৰ দেৱৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে।
Photo & Input: Khatang Khobor
Discussion about this post