এটি ৭ বছৰীয়া কিশোৰীক ধৰ্ষণৰ (Rape) চেষ্টা চলাই স্থানীয় ৰাইজৰ লপাথপা খালে জলাউদ্দিনে। এটাৰ পিছত আন এটা জঘন্য তথা নৃশংস ঘটনাই জোঁকাৰি গৈছে মহানগৰী। গুৱাহাটী মহানগৰীৰ পাণ্ডুত মঙলবাৰে পুনৰ এটি কন্যা শিশু নিৰ্যাতনৰ (Sexual Harrasment) বলি হোৱাৰ খবৰ পোহৰলৈ আহিছে।
৫০ উৰ্ধ্বৰ এজন লোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এগৰাকী ৭ বছৰীয়া কন্যাক ধৰ্ষণৰ চেষ্টা চলাই হাতে লোটে ধৰা পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অপকৰ্ম সংঘটিত কৰাৰ চেষ্টা চলাই স্থানীয় ৰাইজৰ হাতত ধৰা পৰা লম্পটটোৰ নাম জলাউদ্দিন বুলি জানিব পৰা গৈছে।
এই ঘটনাৰ পিছতে স্থানীয় ৰাইজে অভিযুক্ত জলাউদ্দিনক উত্তম মধ্যম শোধাই জালুকবাৰী আৰক্ষীক (Jalukbari Police) গতাই দিয়ে। বৰ্তমান লম্পটটোক জালুকবাৰী আৰক্ষী থানালৈ লৈ যোৱা হৈছে আৰু আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰাখিছে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/famous-youtuber-died-by-horrific-road-accident-at-dalgaon/4109/
Discussion about this post