হাজো আৰক্ষীৰ (Hajo Police) জালত পৰিছে ৭টাকৈ কুখ্যাত বাইক চোৰ (Bike Thief)। এক গোপন খবৰৰ পম খেদি হাজো অঞ্চলৰ লোহা টিনৰ ভঙা-চিগা সামগ্ৰী ক্ৰয় কৰা গুডামত অভিযান চলাই আটক কৰে চোৰকেইটাক (Thieves Detain)। উল্লেখ্য যে হাজোৰ (Hajo) বুল্লুটৰ এটা ভগা চিঙা সামগ্ৰীৰ গুডামত এ এছ-০১ ডি কে ৯১৪৮ নম্বৰৰ এখন ৰয়েল এণ্ডফিল্ড বাইকৰ কেইবাটাও খণ্ড কাটি থোৱা অৱস্থাত দেখা পোৱাত গুডামৰ মালিক হাচান আলীক সোধা-পোছা কৰাত উৰহী গছৰ ওৰ ওলাই পৰে।
হাচান আলীৰ স্বীকাৰোক্তিৰ ভিত্তিতে হাজোৰ খোপনিকুছিৰ ভঙা চিঙা বিক্ৰেতা আজাৰ আলী আৰু দক্ষিণ শিংৰাৰ পৰা চাইফুদ্দিন আহমেদক আটক কৰে। পিছত এই দুধৰ্ষ চোৰ কেইটাৰ ভাষ্যৰ ভিত্তিত হাজো আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই বাবুল আলী, জিতু বড়ো, বিটু বৰ্মন আৰু দ্বীপ কলিতা নামৰ আন চাৰিটা চোৰক আটক কৰে। আৰক্ষীয়ে চোৰ কেইটাৰ পৰা জব্দ কৰে দুখন চুৰি পালচাৰ বাইক, এখন ভগা-চিঙা বুলেট, বিদ্যুত পৰিবাহী তাৰসহ নানান চুৰি সামগ্ৰী। হাজো আৰক্ষীয়ে অধিক তথ্যৰ বাবে চোৰকেইটাক সোধা-পোছা অব্যাহত ৰাখিছে।
Photo & Input: বিকি মেধি
Discussion about this post