বটদ্ৰৱাত (Batadrava) পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা (Sexual Harrasment) ৷ ৬৫ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি ৪ বছৰীয়া কন্যা সন্তান তথা সম্পৰ্কীয় নাতিনীয়েক ৷ মঙলবাৰে দুপৰীয়া বটদ্ৰৱাৰ ৰামপুৰত (Batadrava Rampur) সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা জঘন্য ঘটনাটো ৷
ৰামপুৰৰ ইদ্ৰিছ আলী নামৰ ৬৫ বছৰীয়া এটা লম্পট বৃদ্ধৰ কামনাৰ বলি হ’ল এগৰাকী ৪ বছৰীয়া কণমানি। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
আচাৰ দি ফুচুলাই ঘৰত সোমোৱাই এই ঘৃণনীয় কাৰ্য কৰা বুলি কণমানিটিয়ে কয় ৷
ঘটনা সন্দৰ্ভত ইতিমধ্যে কণমানিৰ পৰিয়ালৰ লোকে বটদ্ৰৱা আৰক্ষী থানাত (Batadrava Police) এজাহাৰ দাখিল কৰিছে। বৰ্তমান লম্পট বৃদ্ধ পলাতক হৈ আছে।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-how-much-water-should-you-drink-per-day/8372/
Discussion about this post