ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণৰ ঘটনা। লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত ১১ বছৰীয়া কণমানিক ৭০ উৰ্ধৰ নামঘৰীয়াই ধৰ্ষণ কৰা ঘটনা মাৰ নৌযাওতেই পুনৰ লংকাত সংঘটিত হয় আন এক জঘন্য ধৰ্ষণকাণ্ড।
এইবাৰ এজন পাষাণৰ কামনাৰ বলি হয় এটি ৬ বছৰীয়া কণমানি। লংকা উদালীত সংঘটিত হৈছে এই জঘন্য ধৰ্ষণকাণ্ড। নামঘৰীয়াৰ পিছত এইবাৰ মছজিদৰ ইমামে ধৰ্ষণ কৰে ৬ বছৰীয়া এটি কণমানিক।
শুকুৰবাৰে দিনৰ ভাগত সংঘটিত হয় এই ধৰ্ষণকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ মছজিদৰ ইমামে ধৰ্ষণ কৰিলে এই কণমানিটিক।
স্থানীয় লোকে জানিব দিয়া অনুসৰি, শিশুটিৰ মাতৃয়ে এৰাল দিয়া ছাগলী আনিব যোৱাৰ সময়তে অকলশৰীয়া অৱস্থাত পাই ইমামে সংঘটিত কৰিলে এই জঘন্য কাণ্ড।
লম্পট ইমামৰ নাম আব্দুল চামাট। লংকা উদালী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী শিশুটিৰ পৰিয়ালৰ লোকে।
Photo: Khatang Khobor





























Discussion about this post