ধেমাজি (Dhemaji) জিলা জোনাই মহকুমাৰ অন্তৰ্গত দুই নং মূৰ্কংচেলেক ৰিফউজী কেম্পত এক জঘন্য ঘটনা সংঘটিত হৈছে। আব্দুল খালেক নামৰ এজন প্ৰায় ৫৬ বছৰীয়া লম্পটে এগৰাকী ৮ বছৰীয়া শিশুক ধৰ্ষণ (Rape) কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
জানিব পৰা অনুসৰি, আব্দুল খালেকে শিশুগৰাকীৰ পিতৃক মদ খাবলৈ টকা দি দোকানলৈ পঠিয়াই দিয়ে আৰু সেই সময়তে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি আঠ বছৰীয়া শিশুগৰাকীক ধৰ্ষণ (Rape) কৰে।
আব্দুল খালেকে অপকৰ্মত লিপ্ত হৈ থকাৰ সময়ত শিশুগৰাকীৰ পিতৃ ঘৰলৈ ঘূৰি আহে আৰু নিজ কন্যাক ধৰ্ষণ (Rape) কৰা দেখা পাই হুলস্থূল কৰে। ইয়াৰ পাছতে ঘটনাস্থলীত গাঁৱৰ ৰাইজ উপস্থিত হৈ লম্পট আব্দুল খালেকক আটক কৰি উত্তম-মধ্যম সোধাই আৰক্ষীক গটাই দিয়ে।
Input: Khatang Khobor





























Discussion about this post