মানৱ সমাজক লজ্জানত কৰা আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। কামৰূপ জিলাৰ নিজ গন্ধমৌত সংঘটিত হৈছে এই ঘটনা। ২৪ বছৰীয়া এজন যুৱকৰ কামনাৰ বলি ৫ বছৰীয়া কণমানি। ঘৰত পিতৃ-মাতৃ নথকাৰ সুযোগ লৈ ছফিকুল ইছলাম নামৰ যুৱকজনে ধৰ্ষণ কৰিলে ৫ বছৰীয়া কন্যা শিশুটিক। ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাত এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।
‘মা ছফিকুল দাদাই কৰিছে এনে কাম’ কান্দি কান্দি মাকক ধৰ্ষণৰ সমস্ত ঘটনা বিৱৰি কৈছিল ৫ বছৰীয়া কণমানি শিশুটিয়ে।
ঘটনাৰ ৭দিনৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই নৰাধম ছফিকুল ইছলামক। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণৰ পিছতে ৰাজ্যত সংঘটিত এনেবোৰ ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰি তাৎক্ষণিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু বিগত ৭টা দিনে অভিযুক্ত ছফিকুল ইছলামৰ কোনো সন্ধান পোৱা নাই শুৱালকুছি আৰক্ষীয়ে।
Photo & Input: Khatang Khobor
Discussion about this post