নগাঁৱৰ কচুৱা লংজাপ উত্তৰ কলনিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নিশা ৰাজীৱ দাস নামৰ লোকজনৰ ঘৰত অগ্নিসংযোগ কৰে ৫ দুৰ্বৃত্তই।
বুধবাৰে নিশা প্ৰায় ২ বজাত ৰাজীৱৰ ঘৰত উপস্থিত হৈ ঘৰৰ দৰ্জা ঠেলি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল ৫জন লোকে।
ৰাজীৱ আৰু পত্নীয়ে ভিতৰলৈ প্ৰৱেশ কৰাত বাধা দিয়াত বাসগৃহত অগ্নিসংযোগ কৰে দূৰ্বৃত্তৰ দলটোৱে ৷
অগ্নিসংযোগ কৰাৰ ফলত দপদপকৈ জ্বলি উঠা ঘৰটোৰ পৰা নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ বেৰ কাটি ওলাই আহে ৰাজীৱ দাসৰ লগতে তেওঁৰ মাতৃ আৰু পত্নী ৷
পিছত দুৰ্বৃত্তৰ দলটোৱে চোকা অস্ত্ৰৰে ৰাজীৱ দাসৰ লগতে তেওঁৰ মাতৃ আৰু পত্নীক আক্ৰমণ কৰে। ৰাজীৱ দাসক আক্ৰমণ কৰা দুৰ্বৃত্ত কেইটা ক্ৰমে দুলাল দাস, শুকদেৱ দাস, মানিক দাস, স্বপন দাস, বীৰেন্দ্ৰ দাস। ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে চিনাক্ত কৰা দুৰ্বৃত্তৰ বিৰুদ্ধে কচুৱা থানাত এজাহাৰ দাখিল কৰিছে।
Photo & Input: আমিনুল হক
Discussion about this post