আৰক্ষীৰ পৰিচয় দি চাৰি যুৱকে কৰিলে ১৬ বছৰীয়া দুই কিশোৰীক ধৰ্ষণ (Rape)। ৰাজ্যত আৰক্ষীৰ গুণ্ডাৰাজ চলা বুলি একাংশই অভিযোগ উত্থাপন কৰাৰ সময়তে পোহৰলৈ আহিছে এই ঘটনা। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।
দোষীক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবীত উপস্থিত আমছু (AAMSU) আৰু এবিএমছু (ABMSU) প্ৰতিবাদ ৰূপশি আৰক্ষী চকীত। ঘটনা সংঘটিত হৈছে বি টি আৰ কোকৰাঝাৰ (Kokrajhar District) জিলাৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাঁও থানাৰ ৰূপশি আৰক্ষী চকীৰ অন্তৰ্গত কুৰ্শাকাটি অঞ্চলত।
জানিব পৰা মতে গৌৰীপুৰৰ পৰা এ এছ ১৬ চি ৫০৯৫ নম্বৰৰ অটো গাড়ীৰে দুগৰাকী যুৱতী আহি থকাৰ সময়তে কুৰ্শাকাটি মাৰ্সুলঝোৰা অঞ্চলত ৪জন যুৱকে অটোখন ৰখোৱাই নিজকে আৰক্ষীৰ পৰিচয় দি এজনে গাড়ীৰ নথি-পত্ৰ পৰীক্ষাৰ নামত চালকক ব্যস্ত কৰি ৰখাৰ বিপৰীতে আন তিনিজন যুৱকে কিশোৰী দুগৰাকীক উঠাই জংঘললৈ লৈ যায়।
পিছত চালকজনে গাড়ীত থকা কিশোৰী দুগৰাকীক দেখা নাপাই চিঞৰ বাখৰ কৰাৰ লগতে আৰক্ষীৰ পৰিচয় দি গাড়ীৰ নথি পৰীক্ষা কৰা দীপক ৰায় নামৰ যুৱকজনক আটক কৰে। চিঞৰ বাখৰ শুনি স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰে যদিও আন তিনিটা পলায়ন কৰে। ইপিনে আটকাধীন একেখন থানাৰে অন্তৰ্গত জলডোবা গাঁৱৰ দীপক ৰায়ক ৰাইজে উত্তম মাধ্যম শোধাই ৰূপশি আৰক্ষীক গতাই দিয়ে।
উল্লেখ্য যে ঘটনাৰ উচিত তদন্ত কৰি আটাইকেইটা দোষীক আটক কৰি উচিত শাস্তি প্ৰদানৰ বাবে এবিএমছুৰ সভাপতি আশ্ৰাফুল আলমৰ নেতৃত্বত এবিএমছু আৰু আমছুৰ এটা দলে ৰূপশি আৰক্ষী চকীত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য সদৰি কৰা নাই যদিও বাকী তিনি যুৱকক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ।
Photo & Input: Firoz Alom
আৰু পঢ়কঃ https://khatangkhobor.com/news/nagaon-mp-pradyut-bordoloi-tested-covid-positive/6331/
Discussion about this post