ৰাজ্যত পুনৰ যৌতুকৰ (Dowry) বাবে বোৱাৰী হত্যাৰ (Buwari Murder Case) ঘটনা পোহৰলৈ আহিছে। এইবাৰ ঘটনাৰ স্থান চাপৰ (Chapar)। চাপৰত যৌতুকজনিত কাৰণত ৪ মহীয়া গৰ্ভৱতী বোৱাৰী হত্যা (4 Month Pregnant Women Killed By Husband)। বৃহস্পতিবাৰে চাপৰৰ শালকোছাত স্বামী-শাহু-শহুৰ আৰু ভাই শহুৰে মিলি পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ অপচেষ্টা চলায়।
শালকোছাৰ ইছলামাৰীৰ মুছলিম পাৰাত সংঘটিত হৈছে এই হত্যাকাণ্ড। ছামুদা বিবি নামৰ ২৫ বছৰীয়া বোৱাৰীগৰাকী আছিল ৪ মাহৰ গৰ্ভৱতী।
ছামুদা বিবি নামৰ এগৰাকী ৪ মহীয়া গৰ্ভৱতী বোৱাৰীক স্বামী ৰাকিবুল আলী, শহুৰ ইয়াকত আলী, শাহু ৰেজিনা বিবি আৰু ভাই শহুৰ ৰাহুল আলীয়ে পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
বিলাসীপাৰা ৰাণীগোঞ্জৰ মামুদপুৰৰ আব্দুল হামিদৰ কন্যা ছামুদা বিবিক শালকোছা ইছলামাৰীৰ মুছলিমপাৰাত ইয়াকত আলীৰ পুত্ৰ ৰাকিবুল আলীৰ লগত সম্পূৰ্ণ ইছলামিক ৰীতি-নীতিৰে বিবাহ দিছিল যদিও বিবাহৰ পিছৰে পৰা যৌতুক বিচাৰি ছামুদা বিবিৰ ওপৰত স্বামীৰ পৰিয়ালে চলাইছিল বিভিন্ন ধৰণৰ শাৰীৰিক-মানসিক অত্যাচাৰ।
শেহতীয়াকৈ এখন বাইক বিচাৰি ছামুদা বিবিৰ ওপৰত চলাইছিল শাৰীৰিক নিৰ্যাতন। দুৰ্ভগীয়া ছামুদা বিবিৰ দুখীয়া পিতৃয়ে বাইক দিব নোৱাৰাৰ বাবে বৃহস্পতিবাৰে ৪ মহীয়া গৰ্ভৱতী ছামুদা বিবিক পৰিকল্পিতভাৱে হত্যা কৰি পানীত পৰি মৃত্যু হোৱা বুলি ছামুদা বিবিৰ পৰিয়ালক খবৰ দিয়ে।
ছামুদাৰ পৰিয়ালে ছামুদাৰ স্বামী গৃহত উপস্থিত হৈ ছামুদাৰ নাক আৰু কাণেৰে তেজ ওলাই থকা আৰু ডিঙি ফুলি থকা দেখি এয়া এক হত্যাকাণ্ড বুলি শালকোছা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
আৰক্ষীয়ে ছামুদাৰ পিতৃৰ এজাহাৰৰ ভিত্তিত ছামুদাৰ ঘৰত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি শালকোছা আৰক্ষী (Salkocha Police) চকীলৈ লৈ আহে যদিও ছামুদাৰ স্বামী আৰু স্বামীৰ পৰিয়াল পলাই যায়। ইতিমধ্যে শালকোছা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে স্বামী গৃহৰ পৰিয়ালৰ কোনো এজন লোককো আটক কৰিবলৈ সক্ষম হোৱা নায়।
Photo & Input: নুৰজামাল সেখ
Published By: Dulu Medhi
Discussion about this post