তীৰ খেলৰ (Teer Game) ওপৰত সস্তম হৈ পৰিছে অসম আৰক্ষী (Assam Police)। গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা তীৰ খেলৰ বেপাৰী ছাইফুল ইছলাম আৰক্ষী জালত পৰি এতিয়া ৰঙাঘৰৰ আলহী। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ নিৰ্দেশৰ পিছতে ধিং আৰক্ষীয়ে ৩টাকৈ তীৰ খেলৰ বেপাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।
ধিং আৰক্ষী থানাৰ (Dhing Police) ভাৰপ্ৰাপ্ত বিষয়া মিঠু দাসৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি নিজধিং আৰু ধূপগুৰিৰ পৰা তিনিটাকৈ তীৰ বেপাৰীক হাতে-লোটে কৰায়ত্ত কৰে।
ধৃত তিনিটা তীৰ বেপাৰী ক্ৰমে নিজধিঙৰ চুলতান আলী, ধূপগুৰিৰ আব্দুল কুদ্দুছ আৰু চাইফুল ইছলাম। হাতে-লোটে কৰায়ত্ত কৰা তিনি তীৰ বেপাৰীৰ পৰা নগদ ধনসহ কেইবাখনো তীৰ খেলৰ বহী আৰু কেইবাটাও মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।
আনহাতে চাইফুল ইছলাম নামৰ লোকজন ধূপগুৰিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক বুলি জানিব পৰা গৈছে। কৰায়ত্ত কৰা তিনি তীৰ বেপাৰীক অধিক তদন্তৰ বাবে অব্যাহত ৰাখিছে ধিং আৰক্ষীয়ে (Dhing Police)।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post