গুৱাহাটী মহানগৰীত (Guwahati) পুনৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ড (Dacoit Case)। জু ৰোডৰ পৰা ৩০ লাখ টকা লুট কৰা মহিলাসহ তিনি জনক গ্ৰেপ্তাৰ (30 Lakhs Money Loot)। ধৃত ডকাইত তিনিটা হৈছে সুনীল ৰয়, ৰাজকুমাৰ ৰয় আৰু কল্পনা দেৱনাথ।
ইয়াৰে কল্পনা দেৱনাথ নামৰ মহিলাগৰাকী ৰাজকুমাৰ দেৱনাথৰ পত্নী। প্ৰতিষ্ঠিত ব্যৱসায়ী সঞ্জীৱ গাৰোদিয়াৰ চালক হিচাপে কাম কৰিছিল সুনীল ৰয় নামৰ লোকজনে। শুকুৰবাৰে নিশা ৮:৩০ বজাত সঞ্জীৱ গাৰোদিয়াই নিজৰ বাহনেৰে ব্যৱসায়িক সামগ্ৰী ক্ৰয় কৰিবলৈ নগদ ৩০ লাখ টকা লৈ ওলাই আহিছিল।
জু-ৰোডত গাড়ীখন ৰখোৱাই ব্যৱসায়ীজনে এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যায়। ইয়াৰে সুবিধা লৈ গাড়ী চালক সুনীল ৰয়ে ৩০ লাখ টকাৰ লগতে গাড়ীখন লৈ পলায়ন কৰে। ঘটনা সন্দৰ্ভত ব্যৱসায়ীজনে গীতানগৰ থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত গীতানগৰ আৰক্ষীয়ে (Geetanagar Police) নুনমাটি আৰু ফটাশিল আমবাৰীত অভিযান চলাই নগদ ধনসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।
ধৃত ডকাইত কেইজনৰ কবলৰ পৰা আৰক্ষীয়ে ২৮ লাখ ৯৫ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাকী থকা টকাৰে ডকাইতৰ দলটোৱে মোবাইল ফোন ক্ৰয় কৰাত আৰু সুৰাপান কৰাত খৰচ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Photo & Input: Ramesh baishya
Discussion about this post