বৃহস্পতিবাৰে নাৰেংগীত (Narengi) এক ভয়ংকৰ ঘটনা সংঘটিত হয়। লিংগ পৰিৱৰ্তন কৰিব নোৱাৰি দুখত নিজৰ জীৱন শেষ কৰি পেলালে এজন ২৫ বছৰীয়া যুৱকে। জানিব পৰা অনুসৰি যুৱকজনে ধনৰ অভাৱত কৰিব পৰা নাছিল লিংগ পৰিৱৰ্তনৰ অস্ত্ৰোপচাৰ। আৰু সেই দুখ সহিব নোৱাৰি আত্মহত্যাৰ (Suicide) দৰে চৰম পথ বাছি লয় যুৱকজনে।
যোৰহাটৰ কমাৰবস্তিৰ আছিল আশ্ৰাফুল হক নামৰ এই মৃত (Death) যুৱকজন। গুৱাহাটীৰ (Guwahati) নাৰেংগীত ভাৰাতীয়া হিচাপে আছিল। আশ্ৰাফুলে দীৰ্ঘদিনে নিজকে যুৱতী বুলি পৰিচয় দি আহিছিল। কেৱল সেয়াই নহয় যুৱতীৰ দৰেই সাজ পোছাক পৰিধান কৰি এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল আশ্ৰাফুলে। আশ্ৰাফুলে নিজকে জাবিন বুলি পৰিচয় দিছিল সকলোৰে আগত।
অভিভাৱকৰ অনুমতি লৈয়ে লিংগ পৰিৱৰ্তন কৰিব বিচাৰিছিল আশ্ৰাফুলে। কিন্তু অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হৈছিল প্ৰায় ৮০ লাখ টকাৰ। আৰু এই টকা যোগাৰ কৰিব নোৱাৰাৰ বাবেই এই পথ বাচি লয় ২৫ বছৰীয়া যুৱকজনে।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-at-lakhimpur-toll-gate/4021/
Discussion about this post