২০১১ চনত পত্নীৰ ডিঙি কাটি কটা মূৰ হাতত লৈ থানাত উপস্থিত হোৱা ৰঞ্জিত দাসক অৱশেষত শাস্তি প্ৰদান কৰা হ’ব। ২০১১ চনত ৰাজ্যজুৰি তোলপাৰ লগোৱা সেই হত্যাকাণ্ডৰ হত্যাকাৰী স্বামীয়ে অৱশেষত পালে শাস্তি।
পত্নীক ডিঙি কাটি হত্যা কৰা ৰঞ্জিত দাসক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ন্যায়ালয়ে। কামৰূপ মহানগৰ সত্ৰ আদালতৰ (District & Sessions Judge Court, Kamrup) এই ৰায়। ২০২১ চনৰ ৭ অক্টোবৰত ৰায়দান কৰে ন্যায়ালয়ে।
আজিৰ পৰা ১০ বছৰ পূৰ্বে অক্টোবৰ মাহতেই সংঘটিত হোৱা সেই নিৰ্মম হত্যাকাণ্ডত স্বামী ৰঞ্জিত দাসে পত্নীৰ ডিঙি কাটি কটা মূৰ হাতত লৈ দিছপুৰ (Dispur Police) থানাত আত্মসমৰ্পন কৰিছিল।
পত্নীৰ ছিন্ন মুণ্ডৰ তেজেৰ ৰাজপথ ৰাঙলী কৰি এহাতে ছিন্ন মুণ্ড আনহাতত দা লৈ থানাত হাজিৰ হৈছিল হত্যাকাৰী স্বামী। গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীত সংঘটিত হৈছিল সেই হত্য়াকাণ্ড।
Photo: Google




























Discussion about this post