বৰপেটাৰোডত মৃত্যুৰ কিৰিলি। পৃথক পৃথক স্থানত দুজন লোকৰ আত্মহত্যা। বৰপেটাৰোডত আজি দুজনকৈ লোকে চীপ লৈ আত্মহত্যা(Suicide) কৰাৰ ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
চহৰখনৰ ৰে’লৱে কলনীৰ কোৱাৰ্টাৰত থকা ফণী খেৰকটাৰী নামৰ লোকজনক নিজ কোৱাৰ্টাৰত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। ৰে’ল বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী ফণী খেৰকটাৰীৰ বয়স হৈছিল ৫৯ বছৰ। কোৱাৰ্টাৰটোত অকলে আছিল লোকজন।
কি কাৰণত লোকজনে আত্মহত্যা কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। আনহাতে এই ঘটনাস্থলীৰ পৰা প্ৰায় দুশ মিটাৰ দূৰৈত আন এগৰাকী লোকৰ মৃতদেহ পথৰ কাষৰ গছ এডালত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।
গোৱৰ্ধনা উন্নয়ন খণ্ডৰ চৌহদত থকা এডাল গছত চীপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা লোকজনৰ নাম হৈছে অখিল ঘোষ। লোকজনৰ বয়স ৫৫বছৰ। ৰে’লত চাহ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছিল লোকজনে। পিছত দুয়োটা মৃত্যুদেহ বৰপেটাৰোড আৰক্ষীয়ে নমাই আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post