নগাঁৱৰ (Nagaon) পুৰণিগুদামত (Puranigudam) সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা (Rape Case)। ৬৮ বছৰীয়া লম্পটৰ কামনাৰ বলি অন্ধ পিতৃ-মাতৃৰ (Blind Father And Mother) একমাত্ৰ সঁহাৰি ১৫ বছৰীয়া জীয়ৰী।
পুৰণিগুদাম গায়ন বৈৰাগী গাঁৱৰ ৰামেশ্বৰ হাজৰিকাৰ কামনাৰ বলি হ’ল ১৫ বছৰীয়া কিশোৰী ছাত্ৰীগৰাকী। চিকিৎসকে নিশ্চিত কৰিছে কিশোৰীগৰাকী পাঁচ মাহৰ অন্তঃসত্ত্বা বুলি।
পিতৃ-মাতৃৰ দৃষ্টিহীনতাৰ সুযোগ লৈ লম্পটোৱে সংঘটিত কৰিছিল এনে জঘন্য কাণ্ড। এই ঘটনা পোহৰলৈ অহাৰ পিছত লম্পট ৰামেশ্বৰ হাজৰিকাক চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ (Samaguri Police Arrest Rapist) কৰিছে।
অন্ধ পিতৃ-মাতৃৰ একমাত্ৰ সঁহাৰি স্বৰূপ কিশোৰীগৰাকীৰ লগত সংঘটিত হোৱা এনে ঘটনাই সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Photo & Input: ৱাহিদুদ জামান
Published By: Dulu Medhi
Discussion about this post