চতিয়াৰ ২নং বৰভেটী গাঁওত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা। তিলবাহদুৰ চেত্ৰী নামৰ ষাঠি উৰ্দ্ধৰ লম্পটে ১৪ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই ধৰ্ষণৰ প্ৰচেষ্টা চলাইছিল।
অভিযোগ অনুসৰি আজি কেইদিনমানৰ পূৰ্বে বৃদ্ধজনৰ ওচৰ-চুবুৰীয়াত থকা কিশোৰীগৰাকী বৃদ্ধ লম্পট তিলবাহদুৰৰ ঘৰলৈ আহিছিল সেইসময়তে ঘৰত কোনো নথকাৰ সুযোগত বৃদ্ধ লম্পট তিলবাহদুৰৰ যৌন কামানাৰ বলি হ’ল কিশোৰীগৰাকী।
ভয় আৰু লাজত সেইদিনাই কথাটো কিশোৰীগৰাকীয়ে প্ৰকাশ কৰা নাছিল যদিও শনিবাৰে নিশা কিশোৰীগৰাকীয়ে আত্মীয়ক ঘটনা অৱগত কৰাত লগে লগে চতিয়া আৰক্ষী থানাত অভিযোগ দাখিল কৰে। পিছত লগে লগে অভিযুক্ত তিলবাহদুৰক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
অভিযুক্ত তিলবাহদুৰে ঘটনা স্বীকাৰ কৰিছে আৰক্ষীৰ জেৰাত। লম্পট তিলবাহদুৰ চেত্ৰীক কঠোৰ শাস্তিৰ দাবী তুলি চতিয়া ২নং বৰভেটী গাঁৱৰ মহিলা সকল সমাবেত হয় চতিয়া আৰক্ষী থানাৰ চৌহদত।
প্ৰতিবাদী মহিলাসকলক চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিৎ শৰ্মাই দোষীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ কৰাৰ আশ্বাস প্ৰদান কৰাতহে প্ৰতিবাদী মহিলাসকল আঁতৰি যায়।
Photo: Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post