মৰিগাওঁ জিলাৰ ভূৰাগাঁৱৰ পাঠাৰ চাঞ্চল্যকৰ ৰ্ধষণ কাণ্ডৰ ঘটনা মাৰ নৌ যাওতেই পুনৰ পোহৰলৈ আহিছে আন এক জঘন্য ৰ্ধষন কাণ্ডৰ ঘটনা। এইবাৰ স্থান মৰিগাঁও জিলাৰ (Morigaon) মৈৰাবাৰীৰ (Moirabari) হাতীমূৰীয়া। হাতীমূৰীয়াৰ হিবজুৰ ৰহমান নামৰ ৫৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল ১২ বছৰীয়া নাবালিকা (12 Years Old Girl Rape By 55 Years Old Man)। লম্পট হিবজুৰ ৰহমানৰ ঘৰত বনকৰা কিশোৰী হিচাপে কৰ্মৰত আছিল। এই সমগ্ৰ ধৰ্ষণ কাণ্ডৰ (Rape Case) ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিছিল এক দুষ্ট চক্ৰৰ দলে। আনকি আৰক্ষীৰ ওচৰলৈ যোৱাতো বাধা প্ৰদান কৰাৰ অভিযোগ এটা চক্ৰৰ বিৰুদ্ধে।
৪ মে’ত পোহৰলৈ আহিছিল সমগ্ৰ ঘটনা। এদিন বা দুদিন নহয় ১৪-১৫ দিন ৰ্ধষণ কৰাৰ অভিযোগ। এই ৰ্ধষণৰ কথা কাৰোবাক জনালে চোকা অস্ত্ৰৰে হত্যাৰ ভাবুকি প্ৰধান কৰিছিল নাবালিকা আৰু তাইৰ পৰিয়ালৰ লোকক। ভুক্তভোগী পৰিয়ালে এক এজাহাৰ দাখিল কৰিছে মৈৰাবাৰী আৰক্ষী (Moirabari Police) থানাত। এজাহাৰৰ ভিত্তিত মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আলীয়ে লগে লগে তদন্ত আৰম্ভ কৰি এক গোপন সূত্ৰৰ পমখেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লম্পট হিবজুৰ ৰহমানক। মৈৰাবাৰী আৰক্ষীয়ে 209/22 নম্বৰৰ গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে হিবজুৰক।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post