লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত এক জঘন্য ঘটনা সংঘটিত হৈছে। ৭০ উৰ্ধৰ নামঘৰীয়াই ধৰ্ষণ কৰিলে ১১ বছৰীয়া এটি কণমানিক। নামঘৰৰ কাষত এৰাল দিয়া ছাগলী আনিবলৈ গৈছিল কণমানিটিয়ে।
সন্ধিয়া নামঘৰৰ মণিকূটলৈ ফুচুলাই নি বলপূৰ্বকভাৱে বলাৎকাৰ কৰে নামঘৰীয়াই। স্থানীয় লোকে অসংযত অৱস্থাত মনিকূটৰ ভিতৰত হাতে-লোটে ধৰে লোকজনক। বিগত ১৪ জুলাইতে সংঘটিত হৈছিল এই জঘন্য ঘটনা।
একাংশ লোকে নামঘৰত সভা পাতি ঘটনাটো মীমাংসাৰো চেষ্টা চলায়। অৱশেষত মাতৃৰ এজাহাৰৰ ভিত্তিত লম্পট নামঘৰীয়া কোষেশ্বৰ দত্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পূৰ্বেও কেইবাবাৰো নামঘৰীয়াই কণমানিটিক ফুচুলাই ভয়-ভাবুকিৰে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post