বগৰিবাৰীত এই লজ্জানত ঘটনা সংঘটিত হৈছে। নাবালিকা কিশোৰীক ধৰ্ষণৰ প্ৰয়াসত ব্যৰ্থ হৈ হত্যাৰ প্ৰচেষ্টা চলালে। ক’ত আৰু কেনেকৈ সংঘটিত হ’ল এই কাৰ্য। ধুবুৰীৰ গৌৰীপুৰৰ আটানী আৰক্ষী চকীৰ অন্তৰ্গত পিয়াজবাৰী গাঁৱত সংঘটিত হ’ল এই জঘন্য ঘটনা।
স্থানীয় পিয়াজবাৰী হাইস্কুলৰ শিক্ষক হাশেম আলীয়ে (১০) বছৰীয়া শিশু কিশোৰী মমতা বেগমক নাতিনী বুলি সম্বৰ্ধনা কৰি থাকে।
শিক্ষকজনৰ ঘৰত কোনেও নথকাৰ সুযোগত আজি পুৱা ১০ বজাত নাতিনী মমতা বেগমক ঘৰত মাতি লৈ কু-কৰ্ম কৰাৰ ব্যৰ্থ প্ৰয়াস চলাই। কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত মুখত গামোচা সোপা দি ডিঙি চিপি হত্যাৰ প্ৰয়াস চলাই।
অৱশেষত ৰাইজ আৰু কিশোৰীগৰাকীৰ মাতৃয়ে আগুৱাই যোৱাত লম্পট শিক্ষকজনে পাছফালৰ দুৱাৰেদি পলায়ন কৰে।
কিশোৰীগৰাকীৰ পিতৃয়ে দাখিল কৰা 991/21নং গোচৰৰ ভিত্তিত আটানী আৰক্ষীয়ে ততালিকে ৰাইজৰ সহযোগত দোষীক গ্ৰেপ্তাৰ কৰাত সক্ষম হয়। ৪৫ বছৰীয়া এই জন শিক্ষক মানৱ নে দানৱ? শিক্ষকৰ এনে আচৰv অব্যাহত থাকিলে ছাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কি হ’ব?
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post