এম বি বি এছৰ এগৰাকী ছাত্ৰৰ কৰুণ মৃত্যুয়ে জোকাঁৰি গৈছে সমগ্ৰ দেশক। ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ পাটনৰ ধৰপুৰস্থিত গুজৰাট মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ছ’চাইটি (GMERS) মেডিকেল কলেজত। অনিল মেঠানিয়া নামৰ এগৰাকী ১৮বছৰীয়া এম বি বি এছৰ ছাত্ৰক হোষ্টেলত কৰা ভয়ংকৰ ৰেগিঙৰ বাবেই এই কৰুণ মৃত্যুৰ ঘটনা সংঘটিত হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, MBBS ৰ প্ৰথম বৰ্ষৰ ছাত্ৰগৰাকীক ১৫গৰাকীকৈ জ্যেষ্ঠ ছাত্ৰৰ এটা দলে ৩ ঘন্টাকৈ সময় থিয় কৰাই নানান নিৰ্যাতন চলায়। ইয়াৰ পাছতে ছাত্ৰগৰাকী অচেতন হৈ পৰে। পিছৰ পৰ্যায়ত ছাত্ৰগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
নিৰ্যাতন চলোৱা অভিযুক্ত আটাইকেইগৰাকী ছাত্ৰ MBBS ৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। ঘটনা সংঘটিত হোৱা মেডিকেল কলেজখনৰ কৰ্তৃপক্ষই এখন কমিটী গঠন কৰি সমগ্ৰ ঘটনাৰ তদন্ত চলায়। তদন্তত পোহৰলৈ আহে যে, দ্বিতীয় বৰ্ষৰ ১৫ গৰাকী ছাত্ৰই ৰেগিং কৰিছিল প্ৰথমবৰ্ষৰ ১১গৰাকী ছাত্ৰক। ইতিমধ্যে বালিছানা পুলিছ ষ্টেচনত ৰুজু হোৱা গোচৰত দ্বিতীয় বৰ্ষৰ ১৫গৰাকী ছাত্ৰক আটক কৰিছে আৰক্ষীয়ে। নিৰ্যাতিত ছাত্ৰকেইগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, সেইদিনা ৰাতি তেওঁলোকক নাচ আৰু গান গাবলৈও দিয়া হৈছিল।
বৰ্তমান এই সমগ্ৰ কাণ্ডৰ তদন্ত অব্যাহত আছে। কলেজখনৰ কৰ্তৃপক্ষৰ পৰাও এক গোচৰ ৰুজু কৰা হৈছে। কলেজখনৰ ডীন হাৰ্দিক শ্বাহে সদৰি কৰা অনুসৰি, ইয়াৰ পূৰ্বে কেতিয়াও কলেজখনত ৰেগিঙৰ দৰে ঘটনা সংঘটিত হোৱা নাছিল। ৰেগিঙৰ বিৰুদ্ধে কলেজখনত এখন উচ্চস্তৰীয় কমিটী থকাৰ কথাও সদৰি কৰে তেওঁ। উল্লেখ কৰা প্ৰয়োজন যে, কলেজখনৰ ছাত্ৰাৱাসতে সংঘটিত হৈছিল এই ঘটনা।
উল্লেখ্যযোগ্য যে অনিল মেঠানিয়া নামৰ ছাত্ৰজনে কোনো প্ৰশিক্ষকৰ ক্লাছ নোলোৱাকৈ NEET ত ৫৫০ নম্বৰ লাভ কৰিছিল।
ছাত্ৰজনে ১৪ অক্টোবৰত মেডিকেল কলেজত নামভৰ্তি কৰিছিল কিন্তু ৰেগিংৰ বাবেই মাত্ৰ এমাহৰ পাছতেই মৃত্যু হয় ‘মেধাৱী’ ছাত্ৰগৰাকীৰ।
Discussion about this post