১৯৯৮ চনৰ পৰা কৰ্ণাটকৰ ধৰ্মস্থলীত সংঘটিত বলাৎকাৰ আৰু হত্যাৰ কিছুমান গুপুত অধ্যায় শেহতীয়াকৈ উন্মোেচিত কৰিছে এগৰাকী প্ৰাক্তন চাফাই কৰ্মীয়ে। নিজৰ পৰিচয় গোপনে ৰখা প্ৰাক্তন চাফাই কৰ্মীজনৰ স্বীকাৰোক্তি অনুসৰি বিগত এটা দশকত তেওঁ বহু ধৰ্ষিতাৰ মৃতদেহ গোপনে পুতি থৈছিল। কৰ্ণাটকৰ ধৰ্মীয়স্থলীত যৌন নিৰ্যাতনৰ বলি হৈ মৃত্যুমুখত পৰা অথবা হত্যাৰ বলি হোৱা এনে বহু ধৰ্ষিতাৰ মৃতদেহ পুতি থোৱাৰ বাবে এটা মহলে তেওঁক বাধ্য কৰাইছিল। শেহতীয়াকৈ এইজন চাফাই কৰ্মীৰ এখন পত্ৰ দুগৰাকী অধিবক্তা ক্ৰমে ওজস্বী গৌড়া আৰু শচীন দেশপাণ্ডেয়ে ৰাজহুৱা কৰিছে। বহু ধৰ্ষিতাৰ মৃতদেহ প্ৰায় এটা দশক ধৰি গোপনে পুতি থোৱা এই চাফাই কৰ্মীজন শেহতীয়াকৈ অনুতপ্ত হৈ পৰিছে। যাৰবাবে তেওঁ গোপন স্থানৰ পৰা এই দুগৰাকী অধিবক্তালৈ পত্ৰ প্ৰেৰণ কৰি সমগ্ৰ ঘটনাবোেৰ পোহৰলৈ অনাৰ বাবে চেষ্টা চলাইছে। পত্ৰখনত চাফাই কৰ্মীজনে কয় যে ২০১০ চনত এগৰাকী ১২-১৫ বছৰীয়া স্কুলীয়া ছাত্ৰীক বলাৎকাৰ কৰি হত্যা কৰা হৈছিল। কৰ্ণাটকৰ কাল্লেৰী অঞ্চলত স্কুলীয়া ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত এইগৰাকী কিশোৰীৰ মৃতদেহ স্কুলীয়া বেগৰ সৈতে পুতি থৈছিল এইজন চাফাই কৰ্মীয়ে। এই ঘটনাটোৰ পিছতে তেওঁ মানসিক অশান্তিত ভোগে। শেহতীয়াকৈ চাফাই কৰ্মীজনে কৈছে যে এই হত্যাকাণ্ড আৰু বলাৎকাৰৰ সৈতে জড়িত লোকসকলে শাস্তি পাব লাগে। কৰ্ণাটকৰ উপাসনা স্থানত এনেদৰে একাংশ কিশোৰী আৰু মহিলাক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাৰ আঁৰত একাংশ প্ৰভাৱশালী লোক জড়িত থকা বুলিও কয় চাফাই কৰ্মীজনে। স্বাভাৱিকতে তেওঁৰ এই পত্ৰবোমাই কৰ্ণাটকৰ লগতে দেশজুৰি তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে।
Discussion about this post