বজালীত ডুবি মালিপাৰাত সংঘটিত হোৱা তেনে এক চূড়ান্ত অমানৱীয় আৰু পাশৱিক কাণ্ডই এতিয়া ভবাই তুলিছে সচেতন লোকক। নিজ সন্তানক বিক্ৰী কৰিব নোৱাৰাৰ বাবেই এগৰাকী পিতৃয়ে হত্যা কৰাৰ দৰে ঘটনা সংঘটিত হৈছে অঞ্চলটোত।
অভিযোগ অনুসৰি নিৰঞ্জন মালাকাৰ নামৰ এজন ব্যক্তিয়ে মাত্ৰ ১১ দিনৰ পূৰ্বে জন্মগ্ৰহণ কৰা তেওঁৰ কন্যা সন্তানটিক ৪ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰাৰ চেষ্টা চলাইছিল। এই কথা পৰিয়ালৰ আন আন লোকসকলে জানিব পৰাত তেওঁৰ এই অপচেষ্টা ব্যৰ্থ হয়।
ফলত ৪ লাখ টকা নোপোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ সদ্যোজাত দেৱশিশুটিকে গাত খান্দি পুতি থয়। এগৰাকী পিতৃৰ হাতত এইদৰে মাত্ৰ ১১ দিনীয়া কন্যা শিশুৰ মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্য সৃষ্টি কৰাই নহয় সমাজৰ স্খলিত অৱস্থাক নাঙঠ কৰি সকলোৰে সন্মুখত উদঙাই দিছে।
ইফালে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয়গৈ স্থানীয় পাঠশালাৰ আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত
আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আটক কৰিব পৰা নাই নিৰঞ্জন মালাকাৰ নামৰ পাষাণ পিতৃক।
ইফালে স্বগৃহৰ পৰা প্ৰায় ১ কিলোমিটাৰ আঁতৰত থকা বিসন্নলা জানৰ এজোপা গছৰ তলত পুতি থোৱা অৱস্থাৰ পৰা দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা হৈছে শিশুটিৰ মৃতদেহ। ইয়াৰোপৰি সমগ্ৰ ঘটান বিষয়ে সোধ-পোছ কৰিবলৈ ২ জন লোককো আটক কৰিছে আৰক্ষীয়ে। তাৎপৰ্যপূৰ্ণ ভাৱে এই ঘটনাৰে নাম সাঙোৰ খাই পৰিছে পঠশালাৰ এগৰাকী জ্যেষ্ঠ চিকিৎকৰ নাম।
Discussion about this post