আজিৰ পৰা ১৯ বছৰ পূৰ্বে ২০০৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোতে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত পুৱা ৮.৫৫ বজাত দিৱসৰ কাৰ্যসূচী চলি থকা অৱস্থাত আলফাই সংঘটিত কৰিছিল এক শক্তিশালী বোমা বিস্ফোৰণ ৷ সেই বিস্ফোৰণত নিহত হৈছিল ১০টা স্কুলীয়া ফুলকুমলীয়া শিশুকে ধৰি কমেও ১৮ জনকৈ নিৰীহ ব্যক্তি আৰু আহত হৈছিল ৪০ জনকৈ লোক৷
সেই বোমা বিস্ফোৰণৰ স’তে জড়িত থকা ৬ অভিযুক্তক বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰে।
উল্লেখ্য যে,২০১৯ চনৰ চাৰি জুলাইত ধেমাজী সত্ৰ ন্যায়াধীশ আদালতে মুল অভিযুক্ত দিপাঞ্জলী বুঢ়াগোঁহাই, মুহী সন্দিকৈ, যতীন দুৱৰী,লীলা গগৈক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়াৰ বিপৰীতে শান্তনু ভূঞা আৰু হেমেন গগৈ চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছিল যদিও পৰৱৰ্তী সময়ত অভিযুক্তই ধেমাজী সত্ৰ ন্যায়াধীশ ৰায়দানক প্রত্যাহ্বান জনাই হাই কৰ্টৰ দ্বাৰস্থ হৈছিল
সেই অনুসৰি ২৪ জুলাইত গোচৰটোৰ চূড়ান্ত শুনানি গ্রহণ কৰিছিল উচ্চ ন্যায়ালয়ে। আজি ন্যায়াধীশে উল্লিখিত গোচৰৰ চুড়ান্ত ৰায়দান কৰি ছয় অভিযুক্তকে দোষমুক্ত ঘোষণা কৰে ৷
দেশ কপাই যোৱা আলফাৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ এই কাণ্ডৰ দোষ স্বীকাৰ কৰি ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰে ঘটনা সংঘটিত হোৱাৰ পাঁচ বছৰৰ পাছত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই ৷
আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়দানত অসন্তুষ্টি প্ৰকাশ কৰে এ আই ইউ ডি এফৰ জ্যেষ্ঠ বিধায়ক ৰফিকুল ইছলামে ৷ আৰক্ষীৰ দুৰ্বল চাৰ্জছীটৰ বাবেই অভিযুক্ত দোষমুক্ত হ’ল বুলি মন্তব্য কৰি এই ৰায়দানৰ বিৰুদ্ধে অসম চৰকাৰক সৰ্বোচ্চ ন্যায়ালয়ত আপিল কৰিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷
Discussion about this post