গ্ৰেপ্তাৰ জনপ্ৰিয় ইউটিউবাৰ তথা BIGG BOSS OTTৰ বিজেতা এলভিছ যাদৱ। ৰেভ পাৰ্টীত জব্দ ৫ডাল বিষাক্ত কোব্ৰা। এই কোব্ৰাই কামুৰিলে নিমিষতে মৃত্যু হ’ব পাৰে। সেই বিষাক্ত কোব্ৰাৰ সৈতে ৰেভ পাৰ্টী কৰিলে একাংশ যুৱক আৰু বিদেশী যুৱতীয়ে। কেৱল ৫ডাল কোব্ৰাই নহয়, ২০ৰ পৰা ২৫ এম এল সাপৰ বিষো উদ্ধাৰ কৰা হৈছে ৰেভ পাৰ্টীত। উদ্ধাৰ হোৱা সাপ কেইটাৰ ভিতৰত আছে ৫টা কোব্ৰা, দুটা দুমূৰীয়া সাপ, এটা ৰঙা সাপ আৰু এডাল অজগৰ।
এই ঘটনা সংঘটিত হৈছে নয়দাত। আৰক্ষীৰ তথ্যত পোহৰলৈ আহিছে কিমান ভয়ংকৰ আছিল এই ৰেভ পাৰ্টী। তথাকথিত একাংশ ছেলিব্ৰেটীৰ অন্ধকাৰ জগতৰ কথা পোহৰলৈ আহিছে। আৰক্ষীৰ অভিযোগ অনুসৰি, জনপ্ৰিয় ইউটিউবাৰ তথা BIGG BOSS OTTৰ বিজেতা এলভিছ যাদৱে বিদেশী যুৱতীৰ সৈতে কৰা পাৰ্টীত সুৰাপানৰ লগতে বিষাক্ত সাপৰ বিষ সেৱন কৰিছিল।
ৰেভ পাৰ্টীৰ বাবে সাপৰ বিষ যোগান ধৰা ছয়জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিষাক্ত সাপ আৰু বিষ যোগানৰ বাবে লৈছিল বৃহৎ পৰিমাণৰ ধন।
পশু কল্যাণ বিষয়া গৌৰৱ গুপ্তাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষী আৰু বন বিভাগে চলাইছিল অভিযান। আৰক্ষী আৰু বন বিভাগৰ অভিযানতেই পোহৰলৈ আহিছে নিশাৰ আন্ধাৰত সংঘটিত এই ভয়ংকৰ ৰেভ পাৰ্টীৰ ঘটনা। ইতিমধ্যে বন বিভাগে বন জীৱ সংৰক্ষণ আইন ১৯৭২ৰ অধীনত ৰুজু কৰিছে গোচৰ।
ইয়াৰ পূৰ্বেও বিষাক্ত সাপৰ সৈতে ভিডিঅ’ শ্বুট কৰিছিল এলভিছ যাদৱে। সেই ভিডিঅ’ আপলোডো কৰিছিল নিজৰ ইউটিউব চেনেলত। তাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে আটাইকেইডাল সাপ আৰু সাপৰ বিষ জব্দ কৰিছে আৰক্ষীয়ে।
শুকুৰবাৰে ৰেভ পাৰ্টিত সাপৰ বিষ ব্যৱহাৰ কৰাৰ অভিযোগত নয়ডা আৰক্ষীয়ে গোচৰ ৰুজু কৰা ইউটিউবাৰ এলভিছ যাদৱে এক বিবৃতি যোগে এই সকলো অভিযোগ অস্বীকাৰ কৰি ইউ পি আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে।
আনহাতে বিজেপি সাংসদ মানেকা গান্ধীয়ে (BJP MP Maneka Gandhi) বিবৃতি জাৰি কৰি সুধিলে যে এলভিছ যাদৱ দোষী নহয় নেকি, তেন্তে কিয় পলাতক আছিল। “এয়া ১ম শ্ৰেণীৰ অপৰাধ, সাত বছৰৰ কাৰাদণ্ড, এয়া বন্যপ্ৰাণী অপৰাধ। ৰজা কবৰাৰ (King cobras) বিষ উলিয়াই দিলেই মৃত্যু হয়। ইহঁতৰ বিষ খাদ্য হজম কৰাৰ বাবে। বিষ নাথাকিলে ইহঁতে একো খাব নোৱাৰে আৰু এইদৰেই ইহঁতৰ মৃত্যু হয়। দেশত কব্ৰা (King cobras) আৰু পাইথন (pythons) খুব কম আছে । ইহতক ধৰি ৰাখি মালিক হোৱা, ব্যৱহাৰ কৰাটো অপৰাধ ,” টেলিভিছন চেনেলৰ আগত এইদৰে কয় সাংসদ মানেকা গান্ধীয়ে (MP Maneka Gandhi)।
Discussion about this post