শিৱসাগৰৰ আমগুৰিত অঘটন। বিদ্যালয়ৰ পাঠদান চলি থকা অৱস্থাতে এজন তৃতীয় শ্রেণীৰ ছাত্রক অপহৰণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ আমগুৰিত।
বুধবাৰে সংঘটিত হয় এই অপহৰণ কাণ্ড ৷ প্ৰাপ্ত খবৰ অনুসৰি আমগুৰি চহৰৰ মাজমজিয়াত থকা মণ্টেশ্বৰী জাতীয় বিদ্যালয়ৰ পৰা অনিকীত দুৱৰীক অপহৰণ কৰে অচিনাক্ত দুৰ্বৃত্তই।
তিনি দুৰ্বৃত্ত বিদ্যালয়লৈ আহি অতি কৌশলৰে অপহৰণ কৰে অনিকীতক। আনহাতে অপহৰণ কাণ্ড সংঘটিতৰ পাছতে হুৱাদুৱা লাগে শিক্ষানুষ্ঠান আৰু অনিকীতৰ বাসগৃহত ৷
ইতিমধ্যে ঘটনা সন্দৰ্ভত আমগুৰি থানাত বিদ্যালয় কৰ্তৃপক্ষই আৰু অপহ্ত ছাত্ৰগৰাকীৰ পিতৃয়েও সুকীয়া সুকীয়াকৈ দাখিল কৰে এজাহাৰ ৷




























Discussion about this post