ছেবিৰ কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ ষ্ট’ক ট্ৰেডিঙৰ ব্যৱসায় চলোৱা আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিক ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে আটক কৰাৰ বাতৰি পোৱা গৈছে।
UBIT COIN ৰ নামৰ এটা বিদেশী কোম্পানীৰ লগত জড়িত হৈ আনোৱাৰে চলাইছিল ট্ৰেডিঙৰ নামত অবৈধ ব্যৱসায়। ধৃত আনোৱাৰ হুছেইনে UBIT COIN ত ১০ টাকৈ আইডি খুলাৰ তথ্য পোৱা গৈছে।
আনোৱাৰ হুছেইনে নিজৰ পত্নী, কন্যা আৰু পুত্ৰৰ নামতো আইডি খুলি চলাইছিল ব্যৱসায়। গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বতুৱাতুলিৰ পৰা আটক কৰে প্ৰৱঞ্চক আনোৱাৰক।
Discussion about this post