কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ (MP Dheeraj Sahu) ঝাৰখণ্ডৰ ৰাঁচীৰ ঘৰত উদ্ধাৰ হোৱা পৰ্বতসম ধনৰ গণনা অব্যাহত আছে। ইয়াৰ বাহিৰে আন আন স্থানত উদ্ধাৰ হোৱা ধন গণি শেষ কৰিছে অভিযানকাৰী দলে।
উল্লেখ্য যে, কংগ্ৰেছ সাংসদগৰাকীৰ ঝাৰখণ্ড, উৰিষ্যা, পশ্চিমবংগ আদিত থকা ৯টা কৈ ঘৰ তথা কাৰ্যালয়ত অভিযান চলাইছে আয়কৰ বিভাগে। ইয়াৰে আটাইকেইটা স্থানত উদ্ধাৰ হোৱা ধনৰ গণনা শেষ হৈছে যদিও ঝাৰখণ্ডৰ ৰাঁচীত থকা চাহুৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ গণনা অব্যাহত আছে।
এতিয়ালৈকে আয়কৰ বিভাগে উদ্ধাৰ কৰিছে ৩৫১ কোটি নগদ ধন। যিহেতু ৰাঁচীৰ ঘৰৰ ৩৬ টা বেগত ৰখা নগদ ধনৰ এতিয়াও গণনা চলি আছে গতিকে এই সংখ্যা যে আৰু অধিক বৃদ্ধি পাব সেয়া নিশ্চিত।
স্থানীয় বেংকৰ মতে ৫০ জনকৈ অধিক ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে ২৫ টাতকৈ অধিক টকা গণনা কৰা যন্ত্ৰৰে উদ্ধাৰহোৱা নোটবোৰ গণনা কৰিছে। নোট গণনাৰ সময়ত কেইবাবাৰো মেচিনবোৰ গৰম হৈ বিকল হৈছে।
ইয়াৰ পূৰ্বে ২০১৯ ত আয়কৰ বিভাগে কানপুৰত ২৫৭ কোটি নগদ ধন উদ্ধাৰ কৰিছিল ।
কিন্তু এইবাৰ সাংসদ ধীৰাজ চাহুৰ ঘৰত উদ্ধাৰ হোৱা টকাৰ পৰিমাণ সেইবাৰতকৈ বহু বেছি। ই এক অভিলেখত পৰিণত হৈছে। কিয়নো এয়া হৈছে যিকোনো সংস্থাই এটা অভিযানত এতিয়ালৈকে উদ্ধাৰ কৰা সৰ্বাধিক নগদ ধন।
Discussion about this post