১৮ বছৰীয়া কেইটামান লৰাৰ নেতৃত্বত দেশৰ ৰাজধানী মহানগৰ দিল্লীকে ধৰি বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে এটা অপৰাধী চক্ৰ। এই চক্ৰটোৰ নাম মায়া গেং। মহম্মদ সমীৰ ওৰফে মায়াৰ নেতৃত্বত এই চক্ৰটোৱে বিভিন্ন ঠাইত সন্ত্ৰাসৰ ৰাজত্ব চলাই আহিছে। দিল্লীত মঙলবাৰে নিশা হৰপ্ৰীত গিল নামৰ এমাজনৰ প্ৰবন্ধজনক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ সৈতেও দিল্লীৰ মায়া গেং জড়িত হৈ আছে। মায়াৰ সৈতে জড়িত থকা বিলাল গণিৰো বয়স মাত্ৰ ১৮ বছৰ।
আৰক্ষীয়ে যোৱা ২৯ আগষ্টত ৩৬ বছৰীয়া এমাজনৰ প্ৰবন্ধক হৰপ্ৰীত গিলৰ হত্যাকাণ্ডৰ সৈতে জড়িত সমীৰ আৰু বিলালক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।
গেঙত থকা ১২ জন অপৰাধীৰ কেউজনৰে বয়স ১৮ বছৰৰ তলত। এতিয়ালৈকে মায়া গেঙে ৪ টাকৈ হত্যাকাণ্ড সংঘটিত কৰিছে।
বাতৰি অনুসৰি মায়াৰ ইনষ্টাগ্ৰাম প্ৰফাইলত লিখা আছে, “Naam badnaam, pata Kabristan, umra jeene ki, shauk marne ka”, which means ‘I am infamous, the graveyard is my address. My age is to live, but I wish to die,”
প্ৰতিবেদন অনুসৰি তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো বন্দুক লৈ পোজ দিয়া ফটোৰে ভৰি আছে, আনকি কাৰাগাৰতো। তেওঁৰ এটা ৰিলত ‘জেল’ বুলি লিখা আছে, য’ত কাৰাগাৰৰ আঁৰত থিয় হৈ থকা বহু যুৱক দেখা গৈছে। আন এটা ৰিলত মায়াক বন্দুকেৰে গুলিয়াই পোজ দিয়া দেখা গৈছে। “মায়া গেং” শীৰ্ষক আন এটা ৰিলত কিশোৰ-কিশোৰীৰ দল এটা দেখা যায়।
Discussion about this post