এইবাৰ পঞ্জাবত নীলা ড্ৰাম কাণ্ড। উত্তৰ প্ৰদেশৰ মীৰাটত মুস্কান নামৰ মহিলাগৰাকীয়ে প্ৰেমিক শ্বাহিলেৰে মিলি স্বামী সৌৰভক টুকুৰা-টুকুৰ কৰি নীলা ড্ৰামত চিমেণ্টেৰে ঢালাই কৰা হত্যাকাণ্ডৰ স্মৃতি সজীৱ হৈ থকাৰ সময়তে প্ৰায় একেধৰণৰ এটা ঘটনা সংঘটিত হৈছে পঞ্জাবৰ লুধিয়ানত। আৰক্ষীয়ে চহৰখনৰ শ্বেৰপুৰ এলেকাত এটা নীলা ড্ৰামৰ ভিতৰত প্লাষ্টিকৰ থৈলাত সুমুৱাই থোৱা এজন প্ৰায় ৪০ বছৰীয়া পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰিছে। অঞ্চলটোৰ কিছুসংখ্যক বাসিন্দাই এঠাইত জমা কৰি থোৱা কেইটামান ড্ৰামৰ পৰা দুগন্ধ ওলোৱাৰ পিচতে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি এটা নতুন নীলা ড্ৰামৰ ভিতৰত হাত-ভৰি বন্ধা অৱস্থাৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটোৰ দেহত কোনোধৰণৰ আঘাতৰ চিন প্ৰাথমিক তদন্তত ধৰা পৰা নাই বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইফালে লুধিয়ানাৰ প্ৰায় ৪২ টা ড্ৰাম নিৰ্মাণ কাৰখানাৰ মালিকপক্ষক এই ঘটনাক লৈ সোধা-পোছা কৰিছে। আৰক্ষীয়ে অপৰাধ সংঘটিত এলেকাৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ সকলো CCTV ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।
Discussion about this post