আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰাৰ পিছত মঙলবাৰে চিবিআইয়ে আদালতত হাজিৰ কৰোৱা হয় ৷ আদালতে তেওঁক আঠ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰে । চিবিআইৰ বিষয়াসকলে ঘোষক উভতাই নিয়াৰ সময়ত আদালতৰ বাহিৰত ভিৰৰ মাজৰ এজন ব্যক্তিয়ে ঘোষক চৰ মাৰে । অৱশ্যে তেওঁক চৰ কোনে মাৰিলে সেয়া স্পষ্ট হোৱা নাই ।
ঘোষক কলকাতাৰ আলিপুৰৰ চিবিআইৰ বিশেষ আদালতলৈ অনাৰ সময়ত তাত উপস্থিত থকা ৰাইজে ‘চোৰ-চোৰ’ বুলি শ্লোগান দিছিল । এদল অধিবক্তাই তেওঁক ঘেৰি প্ৰতিবাদো সাব্যস্ত কৰে । চি বি আইৰ বিশেষ আদালতে তেওঁক আঠ দিনৰ চিবিআইৰ জিম্মালৈ পঠিয়াবলৈ নিৰ্দেশ দিয়াৰ পাচত সন্ধিয়া প্ৰায় ৬ বজাত তেওঁক আদালতৰ পৰা উলিয়াই অনা হয় ।
ইফালে আদালতে ঘোষক ৮ দিনৰ বাবে চিবিআইৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত স্বাস্থ্য বিভাগে তেওঁক নিলম্বন কৰে । মঙলবাৰে স্বাস্থ্য বিভাগে এক অধিসূচনাযোগে ঘোষক চৰকাৰী পদৰ পৰা নিলম্বনৰ বিষয়ে অৱগত কৰে ।
Discussion about this post