ছিডনীৰ বণ্ডী বিচ্চত (Bondi Beach) ধাৰাসাৰ গুলীবৰ্ষণ, অতৰ্কিত গুলীচালনাত ১৬ জনৰ মৃত্যু হয়। এই ঘটনাত আহত হোৱা ৪২ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দেওবাৰে ছিডনীৰ বণ্ডী বিচ্ছত হনুক্কাহ উৎসৱস্থলীতেই গুলীচালনাৰ ঘটনাটো সংঘটিত হয়।
উল্লেখ্য় যে, এই ঘটনাত প্ৰায় ৫০ জাঁই গুলীচালনা চালনা কৰে দুৰ্বৃত্তই। আৰক্ষীয়ে আটক কৰিছে গুলীচালনা কৰা দুই দুৰ্বৃত্তক। শেহতীয়াকৈ, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে এই ঘটনাৰ দৃশ্য দেখাৰ পাছত তেওঁ অতি দুখজনক বুলি কয় লগতে তেওঁ জনায় যে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে আৰক্ষী আৰু জৰুৰীকালীন দলে। এই কাণ্ডৰ সৈতে জড়িত দুজন লোকক জিম্মাত লয়। ইপিনে এজন বন্দুকধাৰীৰ গুলীচালনাৰ সময়ত নিহত হয়। দ্বিতীয়জন গুলীচালনাকাৰী আহত হৈ গ্ৰেপ্তাৰ হয়।





























Discussion about this post