বিগত কেইদিন প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে ব্যাহত কৰি তুলিছে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা । এই পৰিৱেশ আৰু কেইদিনমানলৈ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে ।
গুৱাহাটী মহানগৰীতো উৎকট গৰমে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্ৰা । এনে অভাৱনীয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰিছে । এই সন্দৰ্ভত শুকুৰবাৰে সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰিছে ।
জাননী অনুসৰি গ্ৰীষ্মপ্ৰবাহৰ বাবে পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২.৩০ বজাৰলৈকে তথা ১২.৩০ বজাৰ ভিতৰত সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে । সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে । ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’বলগীয়া নিৰ্দেশনা সকলোকে মানি চলাৰ বাবে জাননী যোগে কোৱা হৈছে ।
জাননী যোগে কোৱা হৈছে :
১) বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাত আৰম্ভ হ’ব আৰু দুপৰীয়া ১২.৩০ বজাত বা তাৰ আগতে শেষ হ’ব লাগিব ।
২) প্ৰতিষ্ঠানসমূহৰ সকলো মুৰব্বীয়ে নিশ্চিত কৰিব লাগিব যাতে পুৱাৰ প্ৰাৰ্থনা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰা হয় ।
৩) বিদ্যালয়ে নিশ্চিত কৰিব লাগিব যে শিক্ষাৰ্থীসকলে পৰ্যাপ্ত পানী গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ ভিতৰত পৰ্যাপ্ত পৰিমাণে খোৱাপানীৰ যোগান থাকে ।
৪) শিক্ষাৰ্থীসকলে ৱেষ্টকোট বা টাই পৰিধান নকৰিলে কোনো অসুবিধা নাই ।
৫) বিদ্যালয়সমূহৰ ফেনসমূহ কাৰ্যক্ষম হৈ থাকিব লাগিব । সকলো শ্ৰেণীকোঠাত সঠিকভাৱে বতাহ চলাচলৰ ব্যৱস্থা থাকিব লাগিব ।
৬) বিদ্যুৎ কৰ্তনৰ ক্ষেত্ৰত বিকল্প পাৱাৰ বেকআপৰ ব্যৱস্থা নিশ্চিতভাৱে কৰিব লাগিব ।
Discussion about this post