ৰাজ্যত শিক্ষক নিযুক্তিক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। শিক্ষক প্ৰৱেচনত ৰখাৰো পোষকতা কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক এই আহ্বান জনায় যে ‘‘অসমত এখন শৈক্ষিক আয়োগ গঠন কৰিব লাগে। বিদ্যালয় অধিক লাগে নে গুণগত শিক্ষা লাগে, অসমৰ ৰাইজে এই বিষয়ে এটা মত দিব লাগে।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘মই বিচাৰো এখন বিদ্যালয়ত প্ৰতিটো শ্ৰেণীতে এজনকৈ শিক্ষক থাকক। অসমত ৪৫০০০ বিদ্যালয় আছে, ২২০০০ গাঁও আছে। প্ৰতিটো পঞ্চায়তত ৬খনকৈ বিদ্যালয় আছে। কিন্তু প্ৰতিখন বিদ্যালয়ত শিক্ষক আছে দুজনকৈ। তাৰ মানে শ্ৰেণীয়ে প্ৰতি এজনকৈও শিক্ষক নাই।
মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ‘‘বিদ্যালয়ৰ সংখ্যা কমাই শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ সংখ্যা বঢ়াব লাগে। প্ৰতিটো শ্ৰেণীত এজনকৈ শিক্ষকৰ ব্যৱস্থা কৰিব লাগে। বিদ্যালয়ৰ সংখ্যাৰ পৰিৱৰ্তে শিক্ষকৰ সংখ্যা বঢ়োৱাত গুৰুত্ব দিব লাগে। এনে কৰিলে অসমৰ শিক্ষাৰ মান বহু উন্নত হ’ব।’’
শিক্ষক নিযুক্তি সন্দৰ্ভত কয় যে ‘‘B.ed , D.ed উত্তীৰ্ণই কৰিব লাগিব প্ৰেক্টিকেল। কমেও ৮ মাহৰ প্ৰেক্টিকেল কৰাব লাগে বিদ্যালয়ত। B.ed , D.ed উত্তীৰ্ণৰ আগতে কোনো বিদ্যালয়ত পাঠদানৰ প্ৰেক্টিকেল কৰাব লাগে। তেতিয়া মৌখিক পৰীক্ষা পতাৰ দৰকাৰ নাথাকে।’’
“নতুনকৈ নিযুক্ত শিক্ষকক দুবছৰ প্ৰবেচনত ৰখাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ। কিছু শিক্ষকে শ্ৰেণীত শিক্ষাৰ্থীৰ সৈতে কমিউনিকেচন কৰাত ব্যৰ্থ হয়, ফলত মেধাৱী শিক্ষক এজনেও পাঠদানত সফল হ’ব নোৱাৰে। ইয়াৰ পৰিণতি ছাত্ৰ-ছাত্ৰীয়ে ভূগিবলগীয়া হয়। কিন্তু এবাৰ চাকৰি পালে চাকৰিৰ পৰা খেদি দিয়াটো সহজ নহয়। সেয়ে দুবছৰ প্ৰবেচনত ৰাখি শিক্ষকৰ গুণগত মান মূল্যায়ন কৰা উচিত। দুবছৰ পিছত যদি মূল্যায়ন নিগেটিভ হয় তেন্তে সেই শিক্ষকক বিদায় দিব লাগে।’’ নতুনকৈ নিযুক্ত শিক্ষকক দুবছৰ প্ৰবেচনত ৰখাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।
Discussion about this post