শনিবাৰে BCCIয়ে টকিঅ’ অলিম্পিকৰ(Tokyo Olympics) পদক বিজয়ীসকলৰ বাবে নগদ পুৰস্কাৰ ঘোষণা কৰে। নীৰজ চোপ্ৰালৈ (Neeraj Chopra) ১ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ লগতে লাভলীনা বৰগোঁহাইলৈ ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।
টকিঅ’ অলিম্পিক (Tokyo Olympics)ত জেভলিন থ্ৰ’ত স্বৰ্ণপদক লাভ কৰি দেশৰ নাম উজলাইছে নীৰজ চোপ্ৰাই। কাইলৈ ভাৰতলৈ উভতিব স্বৰ্ণ পদক বিজয়ী খেলুৱৈগৰাকী।
Still processing this feeling. To all of India and beyond, thank you so much for your support and blessings that have helped me reach this stage.
This moment will live with me forever 🙏🏽🇮🇳 pic.twitter.com/BawhZTk9Kk— Neeraj Chopra (@Neeraj_chopra1) August 8, 2021
টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ নীৰজ চোপ্ৰাই প্ৰথমটো স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে বক্সিঙত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে লাভলীনা বৰগোঁহায়ে।
এক টুইটযোগে বিচিচিআইৰ সচিব জয় শ্বাহে ৰূপৰ পদক বিজয়ী – ভাৰোত্তোলক মীৰাবাই চানু আৰু মল্লযোদ্ধা ৰবি দাহিয়াৰ বাবে ৫০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৷ মল্লযোদ্ধা বজৰং পুনিয়া, বক্সাৰ লাভলীনা বৰগোহাঁই আৰু বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে প্ৰত্যেকে ২৫ লাখ টকাকৈ লাভ কৰিব ৷ পুৰুষ হকী দলে ৪১ বছৰৰ পিছত প্ৰথম অলিম্পিক পদক জিকি ১.২৫ কোটি টকা লাভ কৰিব।
INR 1 Cr. – 🥇 medallist @Neeraj_chopra1
50 lakh each – 🥈 medallists @mirabai_chanu & Ravi Kumar Dahiya
25 lakh each – 🥉 medallists @Pvsindhu1, @LovlinaBorgohai, @BajrangPunia
INR 1.25 Cr. – @TheHockeyIndia men's team @SGanguly99| @ThakurArunS| @ShuklaRajiv
— Jay Shah (@JayShah) August 7, 2021
হাৰিয়ানা চৰকাৰে নীৰজ চোপ্ৰাক (Neeraj chopra in Olympics) নগদ ৬ কোটি টকা দিব বুলি ঘোষণা কৰিছে।
Photo: Google
Discussion about this post