শিৱসাগৰত ‘ফুটবলৰ ঈশ্বৰ’ ডিয়েগো মাৰাডোনাৰ (Diego Maradona) চুৰি হোৱা হাতঘড়ী উদ্ধাৰ হয়। শনিবাৰে শিৱসাগৰত ‘ফুটবলৰ ঈশ্বৰ’ ডিয়েগো মাৰাডোনাৰ (Diego Maradona) চুৰি হোৱা হাতঘড়ী (Watch) উদ্ধাৰ হয়। শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাঘাটৰ পৰা ৱাজিদ হুছেইন নামৰ এজন লোকক আটক কৰি উদ্ধাৰ কৰিছে হাতঘড়ীটো (Watch)।
ৱাজিদ হুছেইন নামৰ লোকজনে ২০১৬ চনৰ পৰা ডুবাইত আল্লাৱাৰ এণ্টাৰপ্ৰাইজ নামৰ এক কোম্পানীত ৱাটচমেনৰ কামত নিয়োগ হৈ আছিল। চলিত বছৰৰ আগষ্ট মাহত ঘৰলৈ অহা ৱাজিদক নাইজেৰিয়াৰ ডেৰিক নামৰ এজন লোকে এটা ঘড়ী (Watch) দিছিল।
যিটো ঘড়ী ব্যৱহাৰ কৰি আছিল ৱাজিদে। ডেৰিকে ডুবাইত ম’ৰ স্পেচ নামৰ কোম্পানীত ৱাটচমেনৰ কাম কৰিছিল। মাজে মাজে ৱাজিদে ডেৰিকৰ পৰা কাপোৰ-জোতা আদি আনে। এইবাৰ এটা ঘড়ীৰ দৰকাৰ বুলি কওঁতে এই ঘড়ীটো ডেৰিকে ৱাজিদক দিছিল।
আনহাতে, এই ঘড়ীটো ফুটবল সম্ৰাট মাৰাডোনাৰ (Diego Maradona) আছিল যিটো ঘড়ী মাৰাডোনাৰ মৃত্যুৰ আগত চুৰি হৈছিল। ঘটনা প্ৰসংগত ডুবাই আৰক্ষীয়ে অনুসন্ধান চলাই আছিল আৰু উক্ত হাবলট কোম্পানীৰ ঘড়ীটো শিৱসাগৰৰ ৱাজিদৰ হাতত আছে বুলি তথ্য লাভ কৰিছিল। সেই প্ৰসংগত শনিবাৰে পুৱা শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) ৱাজিদক গ্ৰেপ্তাৰ (Arrest) কৰি মাৰাডোনাৰ ঘড়ীটো উদ্ধাৰ কৰে ।
উল্লেখ্য যে, ডুবাইত সংৰক্ষণ কৰি থোৱা আছিল মাৰাডোনাই পৰিধান কৰা ঘড়ীটো। বিশ্বৰ খুব কম সংখ্যক লোকৰ ওচৰতহে আছে এনে দমী ঘড়ী।
ডুবাইৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি অসম আৰক্ষীয়ে উদ্ধাৰ কৰে মাৰাডোনাৰ ঘড়ীটো। শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa sarma) টুইটাৰ যোগে অৱগত কৰে এই কথা।
In an act of international cooperation @assampolice has coordinated with @dubaipoliceHQ through Indian federal LEA to recover a heritage @Hublot watch belonging to legendary footballer Late Diego Maradona and arrested one Wazid Hussein. Follow up lawful action is being taken. pic.twitter.com/9NWLw6XAKz
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) December 11, 2021
Friends from media May connect with @SivasagarPol at 2 PM. https://t.co/M36EFkcxPH
— GP Singh (@gpsinghips) December 11, 2021
শনিবাৰে শিৱসাগৰ আৰক্ষীয়ে পুৱা ৪ বজাতে নিজা বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইনক। এই কথা জানিবলৈ দিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।
Photo & Input: দ্বীপজোতি গগৈ
Discussion about this post