অলিম্পিকত ব্ৰঞ্জ পদক বিজয়ী লাভলীনা বৰগোহাঁইক বিলাসী বাহন উপহাৰ। সদ্য সমাপ্ত টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক আজুৰি সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে লাভলীনাই। এতিয়া লাভলীনাক উপহাৰ হিচাপে প্ৰদান কৰিছে এখন ৰেণ’ল্ট কিগাৰ বাহন।
গুৱাহাটীৰ ছয়মাইলস্থিত ৰেণ’ল্টৰ ইন্টেগ্ৰা শ্ব’ ৰুমত অনুষ্ঠিত হৈছে এক কাৰ্যসূচী। তাতেই অসম কন্যাগৰাকীক প্ৰদান কৰা হৈছে এই বাহনখন।
কিগাৰ হৈছে ভাৰতত ডিজাইন আৰু বিকশিত কৰা নতুন চাব ফ’ৰ মিটাৰ কম্পেক্ট এছ ইউ ভি কাৰ।
এই বাহনখনৰ চাবি লাভলীনা বৰগোহাঁইৰ হাতত অৰ্পণ কৰে ৰেণ’ল্ট ইণ্ডিয়াৰ বিক্ৰী আৰু বিপনন বিভাগৰ উপ-সভাপতি সুধীৰ মালহোত্ৰাই।
উপহাৰ লাভ কৰি উৎফুল্লিত লাভলীনাই কয়, ‘মোৰ আৰু দেশবাসীৰ সপোন মোৰ বাবে গুৰুত্বপূৰ্ণ। এই সপোন পূৰণৰ বাবে মই যথেষ্ট কষ্ট কৰিব লাগিব। এইখন মোৰ প্ৰথম গাড়ী আৰু ইয়াক লৈ মই সুখী’।
আৰু পঢ়কঃ https://khatangkhobor.com/news/international/afghanistan-footballer-zaki-anwari-dies-in-fall-from-us-plane/2094/
Photo: Khatang Khobor





























Discussion about this post