ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ (Good News For Assam)। গুজৰাটৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া (Gujrat 36th National Games) প্ৰতিযোগিতাত উজলি উঠিল অসমৰ দুগৰাকী কন্যা (Assam’s Girl)। একেদিনাই অসমৰ ২ গৰাকী মহিলা বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত জিনিলে স্বৰ্ণপদক (2 Women Boxer Win Gold)।
গুজৰাটত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁই (Boxer Lovlina Borgohain) আৰু অংকুশিতা বড়োৱে (Boxer Ankushita Boro) জয় কৰিলে সোণৰ পদক। ৬৬ কেজি শাখাত অংকুশিতা বড়োই আজুৰি আনিবলৈ সক্ষম হয় স্বৰ্ণ। মণিপুৰৰ এলিনাক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে অংকুশিতাই।
ইপিনে অসমৰ অলিম্পিক পদক জয়ী লাভলীনা বৰগোহাঁইয়ে জিনিলে স্বৰ্ণপদক। ৭৫ কিলো শাখাত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় লাভলীনাই। হাৰিয়ানাৰ চুইটীক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি লাভলীনা বৰগোহাঁই অৰ্জন কৰিলে স্বৰ্ণ পদক। গুজৰাটৰ ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্তিম দিনটোতে ৰাজ্যবাসীক দুটাকৈ স্বৰ্ণ উপহাৰ দিলে ২ গৰাকী অসম কন্যাই।
LOVLINA BORGOHAIN 🥊 #36thNationalGames Middle Weight (70-75 Kg) GOLD🥇 Medalist@Media_SAI | #NationalGames2022 | @BFI_official | @LovlinaBorgohai pic.twitter.com/8gSSHCVsty
— Doordarshan Sports (@ddsportschannel) October 12, 2022
Photo: Google
Discussion about this post