বিবাহ বিচ্ছেদ (Divorce) বিচাৰি আদালতৰ কাষ চাপিল লাভলীনা বৰগোহাঁই (Lovlina Borgohain)। শুকুৰবাৰে দিনত হঠাতে গুৱাহাটীৰ পাৰিবাৰিক আদালতত (Guwahati Family Court) বিবাহ বিচ্ছেদ বিচাৰি আবেদন জনালে অলিম্পিকত অসমৰ হৈ প্ৰথমবাৰৰ বাবে পদক বিজেতা অসম গৌৰৱ লাভলীনাই।
‘স্বামী’ৰ সৈতে ‘বিবাহ বিচ্ছেদ’ (Divorce) বিচাৰি আদালতত আবেদন জনালে টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক জয়েৰে দেশবাসীক গৌৰৱান্বিত কৰা বক্সাৰগৰাকীয়ে। স্বামী-স্ত্ৰীৰ মাজত বুজাপৰাৰ মাজেৰে এই বিচ্ছেদৰ কথা আগবাঢ়িছে বুলি জানিব পৰা গৈছে। দুয়োগৰাকীয়ে সহমত ৰাখি বিচ্ছেদৰ বাবে আদালতৰ কাষ চাপিছে। পাৰিবাৰিক আদালতৰ (Guwahati Family Court) কাষ চাপিছে খেলুৱৈগৰাকীয়ে। পাৰিবাৰিক আদালততত আজি বিবাহ বিচ্ছেদৰ বাবে দুয়ো স্বামী-স্ত্ৰীয়ে আবেদন জনায়।
এই সন্দৰ্ভত পাৰিবাৰিক আদালতত ৭৩৮/২২ নং গোচৰ পঞ্জীয়ন হৈছে। উল্লেখ্য যে, ২০১৮ চনতে যোৰহাটৰ নৱনীত গোস্বামী (৩১)ৰ সৈতে বিবাহ হৈছিল অলিম্পিক বিজয়ী লাভলীনাৰ। এই বিবাহ পঞ্জীয়নো কৰিছিল ন-দম্পতীয়ে।
লাভলীনা বৰগোঁহাইয়ে বিবাহ বিচ্ছেদ বিচাৰি ৰুজু কৰা গোচৰত স্বামীৰ নাম নৱনীত গোস্বামী, পিতাঃ প্ৰয়াত অৰুণ চন্দ্ৰ গোস্বামী, গাঁওঃ জাংখানা, থানা-যোৰহাট, জিলাঃ যোৰহাট বুলি উল্লেখ কৰিছে। কিন্তু বিবাহৰ ৪ বছৰ পিছতে হঠাতে কিয় বিবাহ বিচ্ছেদৰ বাবে এইদৰে আদালতৰ কাষ চাপিল লাভলীনা, সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।
Photo: Google
Discussion about this post