পেৰিছ অলিম্পিকত বিজয়ৰে যাত্ৰা আৰম্ভ কৰিলে অসম কন্যা লাভলীনা বৰগোঁহায়ে। ৩১ জুলাই, বুধবাৰে লাভলীনাই ৭৫ কেজি শাখাত প্ৰতিদ্বন্দিতা আগবঢ়ায়। মেচখনত লাভলীনাৰ প্ৰতিদ্বন্দি আছিল নৰৱেৰ ছুনিভা হফষ্টাড।
ৰাউণ্ড অফ-১৬ ৰ এই মেচখনত লাভলীনাই ৫-০ ব্যৱধানত বিজয়ী সাব্যস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। তেওঁৰ পৰৱৰ্তী মেচ আছে ৪ আগষ্টত।
৪ আগষ্টৰ ৰাউণ্ড অফ-৮ ত তেওঁৰ প্ৰতিদ্বন্দি চীনৰ শীৰ্ষস্থনীয় বক্সাৰ লি কয়ান। অৱশ্যে লাভলীনাই এই প্ৰত্যাহ্বানো সফলতাৰে অতিক্ৰম কৰিব পাৰিব বুলিয়েই আমি সকলো আশাবাদী।
Discussion about this post