বৰ্তমান আৰ্ছাদ নদীম পাকিস্তানৰ আটাইতকৈ জনপ্ৰিয় ক্ৰীড়াবিদ। ২০২৪ চনৰ পেৰিছ অলিম্পিকত তেওঁ প্ৰথমবাৰৰ বাবে দেশৰহৈ ব্যক্তিগত সোণৰ পদক লাভ কৰে। তেওঁ ৯২.৯৭ মিটাৰ Javelin throw কৰি অলিম্পিক অভিলেখেৰে প্ৰথম স্থান দখল কৰি অলিম্পিকত Pakistani anthem বজোৱাৰ বাবে চাৰি দশকৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ইতিহাস ৰচনা কৰে।। ভাৰতৰ নীৰজ চোপ্ৰাই ৮৯.৪৫ মিটাৰ Javelin throw ৰে ৰূপৰ পদক দখল কৰে ।
পঞ্জাৱৰ খানেৱালৰ গ্ৰাম্য অঞ্চলৰ পৰা অহা নদীমৰ প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ বাবে বিদেশ ভ্ৰমণৰ সামৰ্থ্য আছিল অতি সীমিত। প্ৰথম অৱস্থাত গাঁৱৰ লোক আৰু আত্মীয়ই ধন দান কৰিছিল যাতে তেওঁ বিদেশত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে।
কিন্তু এতিয়া নদীমৰ ওপৰত ধনৰ বৰষুণ হৈছে। মঙলবাৰে নদীমক পাকিস্তান টকা ১০ কোটি টকা প্ৰদান কৰাৰ লগতে তেওঁক বিশেষ পঞ্জীয়ন নম্বৰ PAK-92.97 (তেওঁৰ অলিম্পিকৰ নম্বৰ) থকা এখন হোণ্ডা চিভিক গাড়ীও উপহাৰ দিয়া হৈছে।
Discussion about this post