১২ বছৰৰ পিছত ভাৰতে দখল কৰিলে চেম্পিয়নছ ট্ৰফী –
আই চি চি চেম্পিয়নছ ট্ৰফী (ICC CHAMPIONS TROPHY) ২০২৫ৰ বিজয় ৰোহিত বাহিনীৰ । ফাইনেলত দেওবাৰে নিশা নিউজীলেণ্ডক ৪ উইকেটত পৰাজিত কৰি ভাৰতে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় । ডুবাই ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই একেৰাহে দ্বাদশ এদিনীয়া খেলত টছত পৰাজিত হৈ অভিলেখ গঢ়িছিল যদিও একেটা বৰ্ষতেই দখল কৰিলে আই চি চি চেম্পিয়নছ ট্ৰফীৰ (ICC CHAMPIONS TROPHY) দ্বিতীয়টো খিতাপ । কিৱি বাহিনীয়ে ৫০ অভাৰত বান্ধি দিয়া ২৫২ ৰাণৰ লক্ষ্য় ভাৰতে ৪৯ অভাৰতেই সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ডুবাইৰ শ্ল’ পিটছত নিউজীলেণ্ডৰ অধিনায়ক মিচেল চেণ্টনাৰে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু ভাৰতীয় দলটোৰ বলিং আক্ৰমণত তিষ্ঠিব নোৱাৰি ২৫২ ৰাণতেই ইনিংছ সামৰিবলৈ বাধ্য হয় কিৱি বাহিনী । নিউজীলেণ্ডে প্ৰথম ৬ অভাৰত ৪৬ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
ক্ৰিজত অপেনাৰ ৰাচিন ৰবীন্দ্ৰনে পুনৰ আক্ৰমণাত্মক ৰূপ লয় যদিও দলটোৱে ভাৰতীয় স্পীন বলিঙৰ সন্মুখত তিষ্ঠিবই নোৱাৰিলে । ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে । জাডেজাই লাভ কৰে এটা উইকেট ।
আনহাতে ভাৰতে ইনিংছ আৰম্ভ কৰিয়েই কিৱিৰ বলাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লয় । প্ৰথমটো অভাৰতেই ভাৰতীয় অপেনাৰ তথা অধিনায়ক ৰোহিত শৰ্মাই ছয় কোবায় আৰম্ভ কৰে ভাৰতৰ বিজয়ৰ পথ ।
উল্লেখ্য় যে ভাৰতৰ এয়া তৃতীয় চেম্পিয়নছ ট্ৰফী খিতাপ দখল । ইয়াৰ পূৰ্বে 2002 চনত শ্ৰীলংকাৰ সৈতে যুটীয়াভাৱে আৰু 2013 চনত বিজয়ী হৈছিল । এই বিজয়ৰ পিছতেই ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বনন্দ সোণোৱালে X’ত শুভেচ্ছা জ্ঞাপন কৰে ।
Discussion about this post